গুৱাহাটী, ১১ অক্টোবৰ, ২০২৩ : কামৰূপ মহানগৰ জিলাৰ অৰুণোদয় আঁচনিৰ (Arunodoi Scheme) নতুন হিতাধিকাৰীসকলৰ মাজত বুধবাৰে খানাপাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অৰুণোদয় কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ কৰা হয়৷ অসম চৰকাৰৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট নীতি পৰিক্ৰমা, সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত মুঠ ১১ গৰাকী মহিলাক মঞ্চত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড প্ৰদান কৰা হয়৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ মহিলাসকলৰ সামগ্ৰিক উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ব্যাখ্যা কৰে৷ আৰ্থিকভাৱে পিছপৰা, অসহায় মহিলাসকলক সহায়ৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব৷ নতুনকৈ বহু মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পিছতো আঁচনিখনৰ পৰা বাদ পৰি যোৱা আৰ্থিকভাৱে পিছ পৰা মহিলাসকলৰ বাবে চৰকাৰে আঁচনিখনৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে৷ উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাত ৪৫,৭৮৩ গৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে৷

পূৰ্বে বাদ পৰি যোৱা অথচ আঁচনিখনৰ সুবিধা পোৱাৰ বাবে যোগ্য মহিলাসকলক সামৰি চৰকাৰে আৰম্ভ কৰা অৰুণোদয় ২.০ ৰ অধীনত নতুনকৈ প্ৰায় ১৮ হেজাৰ মহিলা এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে ৷ এই মহিলাসকলে অহা নৱেম্বৰ মাহৰ পৰা মাহে ১,২৫০ টকাকৈ একাউন্টত পোনপতীয়াকৈ লাভ কৰিব৷ জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা দহ সহস্ৰাধিক মহিলা আৰু কেবাগৰাকী জনপ্ৰতিনিধি, বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত আদৰণি ভাষণ দিয়ে জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷
সভাখনত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়াই ভাষণ দিয়ে৷ সভাৰ মাজতে অৰুণোদয় আঁচনিৰ উদ্দেশ্য, ইয়াৰ সুফল আদি সামৰি প্ৰস্তুত কৰা এটা ভিডিঅ’ ৰাইজক দেখুওৱা হয়৷