গুৱাহাটী, ১১ অক্টোবৰ, ২০২৩ : গেছ পৰিবাহী টেংকাৰৰ পৰা জব্দ কোটি টকা মূল্যৰ গাঞ্জা (Ganja Seized)। মঙলবাৰে নিশাৰ ভাগত আৰক্ষীৰ অভিযানত জব্দ হয় বুজন পৰিমাণৰ গাঞ্জা। গেছ পৰিবাহী টেংকাৰত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল গাঞ্জাখিনি। ১৩৪ টা পেকেটৰ পৰা উদ্ধাৰ ২৬৪০ কেজি গাঞ্জা। আটক গেছ পৰিবাহী টেংকাৰৰ দুজন চালক। টেংকাৰ চালক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

মহানগৰ আৰক্ষীয়ে পুনৰ জব্দ কৰিলে বুজন পৰিমাণৰ গাঞ্জা। পুনৰ এখন গেছ পৰিবাহী টেংকাৰৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে কোটি টকা মূল্যৰ গাঞ্জা। এক গোপন খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ অভিযান। এই বুজন পৰিমাণৰ গাঞ্জাসহ আৰক্ষী জালত পৰিছে গেছ পৰিবাহী টেংকাৰখনৰ দুজন চালক।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আৰক্ষীৰ অভিযানত প্ৰতিদিনে ৰাজ্যত বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সামগ্ৰী জব্দ হৈ আছে। আৰক্ষীৰ অভিযানকালত জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো অসমৰ মাজেৰে সৰবৰাহ হৈ আছে বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সামগ্ৰী।

ড্ৰাগছ মুক্ত অসমৰ লক্ষ্যৰে অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ পিছৰে পৰা ড্ৰাগছ সৰবৰাহকাৰী সকলে ন ন কৌশল অৱলম্বন কৰি অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আছে। ইয়াৰ মাজতে আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ সৰবৰাহকাৰী সকলৰ কৌশল বিফল কৰিবলৈ সক্ষম হৈছে।
পুনৰ অসম আৰক্ষীৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰীৰ কৌশল বিফল কৰি বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই বৃহৎ সাফল্য লাভ কৰিছে। মহানগৰ আৰক্ষীৰ এটা দলে বশিষ্ঠ অঞ্চলত অভিযান চলাই এখন গেছ পৰিবাহী টেংকাৰৰ পৰা জব্দ কৰে ১৩৪ টা পেকেটত ২৬৪০ কেজি গাঞ্জা। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ দলটোৱে এনএল-০১-এএইচ-০৫০১ নম্বৰৰ গেছ পৰিবাহী টেংকাৰত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে এক গোপন খবৰৰ ভিত্তিত মঙলবাৰে নিশাৰ ভাগত আৰক্ষীয়ে গেছ পৰিবাহী টেংকাৰখনত অতি কৌশলেৰে গোপন চেম্বাৰ বনাই লুকুৱাই অনা গাঞ্জাখিনি জব্দ কৰে। আৰক্ষীয়ে গাঞ্জাখিনিৰ লগতে গেছ পৰিবাহী টেংকাৰখনৰ দুজন চালকক গ্ৰেপ্তাৰ কৰিছে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।