আজিজ আলী
মুকালমুৱা : ঘগ্ৰাপাৰত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাৰ সামৰণি। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত স্থানীয় অনুষ্ঠান পূৱ নলবাৰী হাইস্কুলৰ অধীনত প্ৰতিষ্ঠিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতাখনি শনিবাৰে সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি শংকৰদেৱ শিশু বিদ্যা নিকেতন, ঘগ্ৰাপাৰত অনুষ্ঠিত কৰা হয়।

বিজ্ঞান ভিত্তিক মডেল প্ৰস্তুত কৰা, বিজ্ঞান ভিত্তিক পোষ্টাৰ অংকন, বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা আৰু বিজ্ঞান ভিত্তিক ধাৰণা লিখা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক মানপত্ৰ, ট্ৰফী, কিতাপ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

ইয়াৰ পুৰ্বে প্ৰতিয়োগিতাখনি উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ‍্যাপক তথা আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰী জিলা সমিতিৰ সভাপতি ড০ দীনমণি ভাগৱতীয়ে। আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক সঞ্জয় দাসে আঁত ধৰা অনুষ্ঠানটিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ, নলবাৰী জিলা সমন্বয়ক প্ৰদীপ মহন্ত, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদ উপস্থিত থাকে।