মানকাচৰ : আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৰ মাজত থকা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় বাবে ৭৩ তম গণৰাজ্য দিৱসৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ গণৰাজ্য দিবসৰ অনুষ্ঠানত বাতিল কৰা হৈছে সংস্কৃতি অনুষ্ঠানত কেৱল পতাকা উত্তোলন আৰু মাৰ্চ পাষ্ট কৰিয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচী সম্পন্ন কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

গণৰাজ্য দিৱসৰ দিনা যাতে কোনো কুঠাঘাটমুলক ঘটনা সংঘটিত নহয় তাৰ বাবে বিএছএফে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে আন্তঃৰাজ্যিক সীমান্তৰ মাজত সীমান্তৱৰ্তী এলেকাত জিলা আৰক্ষী প্ৰশাসনে তালাচী অভিযান অধিক তীব্রতৰ কৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ অসম-মেঘালয় সীমা্ন্তৱৰ্তী মানকাচৰৰ মিৰজুমালা, কালাপানী, হাটশিঙিমাৰীৰ তিনিআলী, বাহহাটী, দক্ষিণ শালমাৰা থানা এলেকাৰ বিভিন্ন চৰাঞ্চলৰ লগতে ফেৰীৰে জিলাখনত প্ৰৱেশ কৰা যাত্ৰী সকলৰ বাহন সমূহ আৰক্ষীয়ে তন্ন তন্নকৈ চালাচী চলোৱা পৰিলক্ষিত হৈছে।