নগাঁও : নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই। নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ।

নগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলীওৱা ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। শনিবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাৰ বিৰুদ্ধে শনিবাৰৰ পৰাই উত্তাল হৈ আছে নগাঁও। নগাঁও আৰক্ষীৰ বিৰুদ্ধে শনিবাৰৰ পৰাই বিভিন্ন দল-সংঘটনে প্ৰতিবাদ অব্যাহত ৰাখিছে।

সোমবাৰেও পুৱাৰ ভাগৰত পৰা বিভিন্ন দল-সংগঠনৰ লগতে নগাঁৱৰ ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই আহে। নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই নগাঁও আৰক্ষীয়ে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলীওৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে আৰক্ষী বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলীওৱা আৰক্ষীজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে। ইফালে অভিযুক্ত আৰক্ষীজনক নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰে।