চিৰাং : পাঁচ দিনৰ চেষ্টাৰ অন্তত অৱশেষত জালত পৰিল প্ৰকাণ্ড ভালুক। বিগত পাঁচ দিন ধৰি চেষ্টা চলাই সোমবাৰে বন বিভাগে জালত পেলাবলৈ সক্ষম হয় এটা প্ৰকাণ্ড ভালুক। আঘাতপ্ৰাপ্ত ভালুকটোক চিকিৎসা প্ৰদান কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিলে বন বিভাগে।

বন বিভাগে সোমবাৰে পাঁচ দিন ধৰি চেষ্টা চলাই অৱশেষত চিৰাংৰ কুকলুং দংশীয়াপাৰাত এটা প্ৰকাণ্ড ভালুক জালত পেলাবলৈ সক্ষম হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ভালুকটোক বিগত পাঁচ দিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন কুংকলুং বনাঞ্চলৰ অন্তৰ্গত দংশীয়াপাৰাত সন্ত্ৰাস চলাই আছিল।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ভালুকটো ভৰিত কাঁড় লাগি আঘাতপ্ৰাপ্ত হৈ আছিল। ভালুকটোক জালত পেলাবলৈ বন বিভাগে পাঁচ দিন ধৰি অঞ্চলটোত জাল পাতি থৈছিল যদিও ভালুকটো জালত পৰা নাছিল। অৱশেষত সোমবাৰে বন বিভাগে ভালুকটোক অচেতন কৰি আটক কৰে।

বন বিভাগে অচেতন অৱস্থাত উদ্ধাৰ কৰা ভালুকটোক পশু চিকিৎসকৰ দলে ভালুকটোৰ ভৰিত লাগি থকা কাঁড় উলিয়াই চিকিৎসা প্ৰদান কৰে। চিকিৎসাৰ অন্তত ভাৰত-ভূটান সীমান্তৰ পৰা উদ্ধাৰ কৰা ভালুকটোক বন বিভাগে পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে।