নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জুন : ভাৰতীয় আইনৰ অধীনত বন্য প্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সৰ্বাধিক ৰক্ষণা-বেক্ষণ দিয়া হৈছে। ১৮৯১ চনৰ ‘অসম বন নিয়ন্ত্ৰণ’ আইনৰপৰা আৰম্ভ কৰি ২০০২ চনৰ ‘জৈৱবৈচিত্ৰ সংৰক্ষণ আইনলৈ কেইবাখনো আইনৰ জৰিয়তে কাজিৰঙাক বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে। বিশেককৈ গঁড়ৰ চোৰাং-চিকাৰ এই উদ্যানৰ বাবে এটা চিন্তাৰ বিষয়। গঁড় সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপৰ পাছতো চোৰাং চিকাৰীৰ হাতত হত্যাৰ বলি হৈ আহিছে এই অমূল্য সম্পদবিধ ।

পাছে এইবাৰ ৰাজ্যচৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে এই গঁড় হত্যা ৰুধিবলৈ । গড় হত্যা প্ৰতিৰোধৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । কেৱল মাত্ৰ শাৰীৰিক প্ৰশিক্ষণেই নহয় মানসিকভাৱেও সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে গঁড় সুৰক্ষা বাহিনীৰ জোৱান । প্ৰথমবাৰৰ বাবে গঁড় হত্যা বন্ধ কৰিবলৈ উন্নত মানৰ অস্ত্ৰ-শস্ত্ৰ তথা প্ৰশিক্ষণেৰে সাজু কৰি তোলা হৈছে গঁড় সুৰক্ষা বাহিনীৰ জোৱান ।

নগাঁওৰ বঢ়মপুৰত প্ৰায় ৪২ সপ্তাহে নৱম আৰক্ষী বাহিনীত প্ৰশিক্ষণ লৈ আছিল ৮২ জন জোৱানে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰাপত্তাৰ বাবে নিয়োগ কৰা হ’ব জোৱান কেইজনক। চোৰাং চিকাৰীৰ বিপক্ষে যুজঁ দিবৰ বাবে অস্ত্ৰ প্ৰশিক্ষণৰ উপৰি সমৰ কলাৰ প্ৰশিক্ষণো দিয়া হৈছে । ইস্পেচিয়েল ৰাইন’ প্ৰটেকচন ফৰ্চ নামৰ বিশেষ দলটোৱে গঁড় হত্যা প্ৰতিৰোধৰ বাবে বনমন্ত্ৰী পৰিমল শুক্লবদ্যৰ উপস্থিতত শপতগ্ৰহণ কৰে ।