গুৱাহাটী,সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় নিৰাপত্তা ৰক্ষী জোৱানৰ ওপৰত হোৱা ভয়ংকৰ ঘটনা আৰু যোৰহাট আৰু গোলাঘাট জিলাত চুলাই মদ খাই শতাধিক লোক আক্ৰান্ত হোৱাৰ ঘটনাৰ ওপৰত অসম নাগৰিক সমাজে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত উপস্থিত থাকে অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঁঞা,উপ সভাপতি প্ৰশান্ত ৰাজগুৰু আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰ।

কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা ভাৰতীয় সেনা বাহিনীৰ ওপৰত হোৱা ভয়াৱহ বিস্ফোৰণক অসম নাগৰিক সমাজে নিন্দা কৰে আৰু কঠোৰ ভাষাৰে গৰিহণা দি কয় যে জইছ্-ই- মহম্মদ, লস্কৰ-ই -তৈবা আৰু জামাত- উদ-দাৱা পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ দ্বাৰা যত্নপালিত আৰু আই এছ আইৰ নিৰ্দেশমতে এওঁলোকে ভাৰতবিৰোধী কাৰ্যকলাপ চলাই আছে। এই ধৰ্মীয় মৌলবাদী সংগঠনবোৰ ভাৰতবিৰোধীয়েই নহয় ,তেওঁলোক মানৱতা বিৰোধী। এই সংগঠনবোৰৰ বিৰুদ্ধে ভাৰত চৰকাৰ অথবা আন্তৰ্জাতিক সম্প্ৰদায়ে যি ব্যৱস্থা ল’ব বিচাৰে সেই ব্যৱস্থাত নাগৰিক সমাজৰ পূৰ্ণ সমৰ্থন থাকিব।

এই ঘটনাৰ বাবে চৰকাৰক সকীয়নী দি অসম নাগৰিক সমাজে কয় যে ৫০০০০০ সৈন্য বাহিনী নিয়োগ কৰা কাশ্মীৰত কাৰ গাফিলতিৰ কাৰণে এনে ভয়াবহ হত্যাকাণ্ড ঘটিবলৈ পালে,তাৰ সকলো দিশ সামৰি এক পুংখানু পুংখ অনুসন্ধান হব লাগিব।

ধৰ্মীয় মৌলবাদী সংগঠনৰ নেতা,কৰ্মী আৰু সাধাৰণ কাশ্মীৰী জনসাধাৰণ একে নহয় বুলি কৈ অসম নাগৰিক সমাজে কয় যে কাশ্মীৰত আজিও লাখ লাখ মানুহে মুঠিৰ আগত জীৱনটো লৈ বাছি আছে । যেনেকৈ সকলো অসমীয়া আলফা নহয়,সকলো নগা এন এছ চি এন নহয়,তেনেকৈ সকলো কাশ্মীৰিও সন্ত্ৰাসবাদী নহয়। সেয়ে ,পুলৱামাৰ ঘটনাৰ সুযোগ লৈ একাংশ হিন্দু ধৰ্মান্ধই চৰকাৰ প্ৰত্যক্ষ সহযোগত ভাৰতবৰ্ষৰ সকলো সংখ্যালঘু ধৰ্মীয় লোকক সন্ত্ৰাসবাদী বুলি অভিহিত কৰাৰ অপচেষ্টা কোনো বিবেকবান ভাৰতীয়ৰ বাবে গ্ৰহণযোগ্য নহয়।

আনহাতে পুলৱামাৰ ঘটনাটোক কেন্দ্ৰ কৰি শাসকীয় দলটোৱে দেশখনত এক যুদ্ধোন্মাদনা আৰু ধৰ্মোন্মাদনা সৃষ্টি কৰি এক প্ৰকাৰ নিৰ্বাচন জিকাৰ হাতিয়াৰ কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে অসম নাগৰিক সমাজে।

ইয়াৰোপৰি কোনো সত্যপ্ৰমাণিত নোহোৱাকৈ ফেচবুক, হোৱাটছ এপ আদি মাদ্যমবোৰৰ যোগেদি প্ৰচাৰ হোৱা বাতৰিবোৰ বিশ্বাস নকৰিবলৈ জনসাধাৰনলৈ গোহাৰী জনাই লগতে কয় যে কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ লগত চৰকাৰে সাহসেৰে মোকাবিলা কৰিব লাগিব। ৰাজনৈতিক সমাধান অবিহনে কাশ্মীৰলৈ স্থায়ী শান্তি কেতিয়াও ঘূৰি নাহে।

অন্যহাতেদি, বিষাক্ত চুলাই মদ খাই শতাধিক লোক যোৰহাট আৰু গোলাঘাটত মৃত্যু হোৱাৰ প্ৰসংগত অসম নাগৰিক সমাজে কয় যে এই শতিকাৰ ভিতৰতে ৰাজ্যত চুলাই সেৱন কৰি হোৱা এইটো বৃহত্তম নৰসংহাৰ। কেনেকৈ এই সুৰা প্ৰস্তুত কৰা হৈছে ইয়াৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হব লাগে।