গুৱাহাটী : ৰাজ্যৰ ৬ টাকৈ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। এই ৬ টা সমষ্টিৰ ভিতৰত ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা ৩০ অক্টোবৰত এই ৫ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। থাওৰা, ভবানীপুৰ, মৰিয়নি, গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিত অহা ৩০ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

থাওৰা, ভবানীপুৰ, মৰিয়নি, গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও বর্তমানলৈকে মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই। সৰ্বানন্দ সোণোৱাল মাজুলীৰ বিধায়ক পদৰ পৰা মঙলবাৰে পদত্যাগ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰে। সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু মাজুলীৰ বিধায়ক পদৰ পৰা মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰে।

২০২১ ৰ বিধানসভা নিৰ্বাচনত থাওৰা আৰু মৰিয়নিৰ পৰা কংগ্ৰেছৰ টিকটত জয়লাভ কৰা সুশান্ত বৰগোঁহাই আৰু ৰূপজ্যোতি কুৰ্মী বিজেপিত যোগদান কৰাত এই সমষ্টি দুটা উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। গোঁসাইগাঁবৰ বিপিএফ আৰু তামুলপুৰৰ ইউপিপিএলৰ বিধায়ক দুজনৰ মৃত্যু হোৱাত এই দুটা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

আনহাতে বদৰুদ্দিন আজমলৰ দল এআইইউডিএফৰ টিকটত ভবানীপুৰৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈ অহা ফণী তালুকদাৰ বিজেপিত যোগদান কৰিছে বাবে ভবানীপুৰতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা ২ নৱেম্বৰত এই ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।