হাটশিঙিমাৰী : হাটশিঙিমাৰীত মৰাপাটৰ বজাৰৰ মন্দা অৱস্থা। মৰাপাটৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত কৃষকে মূৰে কপালে হাত দিছে। এইবেলি মৰাপাটৰ উৎপাদন যথেষ্ট ভাল হৈছে যদিও উপযুক্ত মূল্যৰ পৰা বঞ্চিত মৰাপাটৰ কৃষক সকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

ৰাজ্যৰ ভিতৰতে মৰাপাটৰ খেতিৰ বাবে বিখ্যাত নামনি অসম। বিশেষকৈ নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মৰাপাটৰ খেতিৰ লগত জড়িত হৈ আছে বৃহৎ সংখ্যক কৃষক। মৰাপাটৰ খেতিৰ জৰিয়তে জিলাখৰ কৃষক সকল ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

জিলাখনত এইবেলি ২১৭৫ হেক্টৰ ভূমিত প্ৰায় তিনি সহস্ৰাধিক কৃষকে মৰাপাটৰ খেতি কৰিছিল। এইবেলি যথেষ্ট পৰিমাণে মৰাপাট উৎপাদন হোৱাত প্ৰথম অৱস্থাত জিলাখনত মৰাপাটৰ বজাৰ ভালেই আছিল। প্ৰথম অৱস্থাত মোন প্ৰতি কৃষক সকলে মৰাপাটৰ মূল্য প্ৰায় ৩২০০ টকা পাইকাৰী ব্যৱসায়ীৰ পৰা লাভ কৰিছিল। কিন্তু লাহে লাহে বজাৰ মন্দা হৈ আহে।

বৰ্তমান বজাৰৰ মন্দা অৱস্থাৰ বাবে মৰাপাটৰ মূল্য প্ৰতি মোন
২২০০ টকালৈ হ্ৰাস পাইছে। ফলত সাধাৰণ কৃষকৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। জিলা কৃষি বিভাগৰ ফালৰ পৰা কৃষক সকলক বিনামুলীয়াকৈ বীজ বিতৰণ কৰাৰ পিছত কৃষক সকলে এইবেলি মৰাপাটৰ খেতি কৰাত যথেষ্ট ভাল ফলাফল পাইছে। কিন্তু বজাৰত উপযুক্ত মূল্য লাভ নকৰাত কৃষক সকল হতাশ হৈ পৰিছে।

মূৰৰ ঘাম মাটিত পেলাই মৰাপাটৰ খেতি কৰা কৃষক সকল উপযুক্ত মূল্যৰ পৰা বঞ্চিত হোৱাত বৃহৎ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে। মৰাপাটৰ খেতিৰ ক্ষেত্ৰত কৃষক সকলক জিলা কৃষি বিভাগৰ ফালৰ পৰা যথেষ্ট সহায় প্ৰদান কৰা হৈছে যদিও এইবাৰ মন্দা বজাৰৰ বাবে কৃষক সকল অধিক লাভম্বিত নহয়।