গুৱাহাটী, ১৯ ছেপ্টেম্বৰ, ২০২৩ : ১৯ ছেপ্টেম্বৰৰ দিনটো বিশ্বজুৰি সৰ্প দংশন সজাগতা দিৱস (Snake Bite Awareness Day) হিচাপে পালন কৰা হয়। সৰ্প দংশনৰ ফলত যাতে কোনো লোক মৃত্যুৰ মুখত নপৰে আৰু ইয়াৰ লগতে জড়িত অন্ধবিশ্বাস নিৰ্মূল কৰাৰ উদ্দেশ্যে সৰ্প দংশন সজাগতা দিৱস পালন কৰা হয়।বনাঞ্চল ধ্বংসৰ ফলত বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত তথা অসমত সৰ্প দংশনৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে।

এফালে সৰ্প দংশনৰ ঘটনা বৃদ্ধি পাইছে আৰু আনফালে
সৰ্প দংশনৰ চিকিৎসা ব্যৱস্থা সন্দৰ্ভত সাধাৰণ নাগৰিকৰ মাজত সজাগতাৰ অভাৱ। সজাগতা অভাৱৰ লগতে বৰ্তমান সময়তো চৰকাৰী চিকিৎসালয় সমূহত সৰ্প দংশনৰ লোকৰ বাবে চিকিৎসাৰ সু-ব্যৱস্থাৰ অভাৱ। অসমৰ চিকিৎসা খণ্ডৰ উন্নয়ন হোৱা বুলি ঢাক ঢোল বাজি থকা সময়তে অসমৰ বহু চৰকাৰী অসামৰিক চিকিৎসালয়, মডেল হাস্পতাল আদিত কম পৰিমাণৰ এন্টি স্নেক ভেনম উপলব্ধ যদিও গৰিষ্ঠ সংখ্যক চিকিৎসালয়ত উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক, চিকিৎসা কৰ্মী আৰু বিচনাৰ অভাৱৰ বাবে প্ৰতি বছৰে শতাধিক সৰ্প দংশনৰ কৱলত পৰা লোকৰ মৃত্যু হয় আৰু হৈ আহিছে।

সৰ্প দংশনৰ লোকৰ উপযুক্ত চিকিৎসাৰ দাবীত দীর্ঘদিন ধৰি কাম কৰি অহা বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় সমূহ পৰিদৰ্শন কৰি অসমত সৰ্প দংশনৰ উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱ বুলি জানিবলৈ দিয়ে। ডঃ দিব্যজ্যোতি শইকীয়াই অলপতে লক্ষীমপুৰৰ লালুক মডেল হস্পিতাল, নাওবৈছা অসামৰিক চিকিৎসালয়, গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা মহকুমা চিকিৎসালয়, বিশ্বনাথ মহকুমা চিকিৎসালয়, নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, মিৰ্জা অসামৰিক চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আদি পৰিদৰ্শন কৰি এই চিকিৎসালয় সমূহত সৰ্প দংশনৰ লোকৰ চিকিৎসা ব্যৱস্থৰ বুজ লৈ হতভম্ব হৈ পৰে।

আজিকোপতি উক্ত চিকিৎসালয় সমূহত সৰ্প দংশনৰ উপযুক্ত কোনো চিকিৎসা ব্যৱস্থা নথকাৰ লগতে উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক নথকাৰ বাবেই বহু লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে। বিগত ৮ আৰু ৯ ছেপ্টেম্বৰত গহপুৰ, বিশ্বনাথ আদি চিকিৎসালয়ত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া উপস্থিত হৈ এনে পয়ালগা স্বাস্থ্য ও চিকিৎসা ব্যৱস্থা প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে।মানৱ অধিকাৰ কর্মী গৰাকীয়ে কয় “ই সাধাৰণ নাগৰিকৰ মৌলিক অধিকাৰৰ লগতে মানৱ অধিকাৰ উলঙ্ঘন কৰিছে”। অসম চৰকাৰে চিকিৎসালয়ৰ নামত বৃহৎ বৃহৎ অট্টালিক নিৰ্মাণ কৰা বুলি মন্তব্য প্ৰকাশ কৰি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

৮ আৰু ৯ ছেপ্টেম্বৰত ডঃ দিব্যজ্যোতি শইকীয়াই সংবাদ মাধ্যমৰ যোগে অসম চৰকাৰক কৰা তীক্ষ্ণ সমালোচনাৰ পিছতে ১২ ছেপ্টেম্বৰত গহপুৰ মহকুমা চিকিৎসালয়ত ৬ জন চিকিৎসক চৰকাৰে প্ৰদান কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৩ আৰু ১৫ ছেপ্টেম্বৰত সৰ্প দংশনৰ চিকিৎসাত পাৰদৰ্শিতা থকা চিকিৎসক ডাঃ সুৰজিত গিৰীক সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ বাবে স্বাস্থ্য বিভাগে নিৰ্দেশ প্ৰদান কৰিছে। ডঃ দিব্যজ্যোতি শইকীয়াই অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে যাতে অট্টালিকমুখি নহৈ সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি অধিক দায়বদ্ধতাৰে চিকিৎসা পদ্ধতি অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে শেহতীয়াকৈ সৰ্প দংশনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত লোৱা কৰ্ম আঁচনি তথা প্ৰশিক্ষণ ব্যৱস্থাক শলাগ লয়।