গুৱাহাটী, ১৮ ছেপ্টেম্বৰ, ২০২৩ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৮ ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ৰে’ল আৰু ৰে’লৱে ষ্টেচনত তালাচী আৰু অভিযান চলাই ২৩ জন নাবালকক সফলতাৰে উদ্ধাৰ কৰে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে মানৱ সৰবৰাহৰ সৈতে জড়িত এজন লোককো আটক কৰে। এই অভিযানসমূহ নিউ বঙাইগাঁও, নিউ জলপাইগুৰি, জলপাইগুৰি ৰোড, সামসি, বদৰপুৰ, বাৰছোই, ৰঙিয়া, কাটিহাৰ আৰু ডিমাপুৰ ৰে’ল ষ্টেচনৰ বিভিন্ন স্থানত চলোৱা হৈছিল।

উদ্ধাৰ কৰা সকলো লোকক সুৰক্ষিত জিম্মাৰ বাবে নিয়ম অনুসৰি সংশ্লিষ্ট চাইল্ড লাইনক আৰু সঠিক প্ৰমাণীকৰণৰ পিছত পৰিয়ালৰ সদস্যসকলক গতাই দিয়া হয়। ১৭ ছেপ্টেম্বৰ তাৰিখে ৰঙিয়া আৰপিএফে ৰঙিয়া ৰে’লৱে ষ্টেচনত নিয়মীয়া তালাচী চলাই পলাই যোৱা এজন নাবালক লৰা আৰু এজনী ছোৱালীক উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ কৰা নাবালকসকলক সুৰক্ষিত জিম্মাৰ বাবে ৰঙিয়াৰ ফাতিমা বালিকা দয়াধামক গতাই দিয়া হয়। ৯ ছেপ্টেম্বৰ তাৰিখে, মালিগাঁৱৰ আৰপিএফ এছক’ৰ্ট পাৰ্টিয়ে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৰে’ল নং ২২৪৪৯ (গুৱাহাটী-নিউ দিল্লী) এক্সপ্ৰেছৰ পৰা ৪ জন পলাতক নাবালক ল’ৰাক উদ্ধাৰ কৰে। পিছত নাবালকসকলক পৰৱৰ্তী কাৰ্যব্যৱস্থাৰ বাবে বঙাইগাঁওৰ বীৰঝৰা চিল্ড্ৰেন হোমলৈ গতাই দিয়া হয়।

০৮-০৯ ছেপ্টেম্বৰৰ মাজনিশা, সামচীৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে সন্দেহযুক্ত মানৱ সৰবৰাহকাৰীৰ সন্দৰ্ভত ৰে’ল নং ১৩০৩৪ (কাটিহাৰ-হাওৰা) এক্সপ্ৰেছ ৰে’লত তালাচী অভিযান চলাইছিল। তালাচীৰ সময়ত তেওঁলোকে এজন মানৱ সৰবৰাহকাৰীক আটক কৰে আৰু এগৰাকী নাবালিকা ছোৱালীক তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ কৰা নাবালিকা ছোৱালীজনীৰ সৈতে ধৃত মানৱ সৰবৰাহকাৰীক পৰৱৰ্তী পদক্ষেপৰ বাবে জিআৰপি, মালদা টাউনক হস্তান্তৰ কৰা হয়।

আগষ্ট মাহত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে এজন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭০ জন নাবালক-নাবালিকা আৰু ৩ গৰাকী মহিলাক উদ্ধাৰ কৰে। মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ লগতে সন্দেহজনক ভাৱে শিশুৰ চলাচল, অকলে, সঠিক অভিভাৱক অবিহনে ভ্ৰমণ কৰা আদিৰ ক্ষেত্ৰত ৰে’লৱে সুৰক্ষা বাহিনী সদায় সতৰ্ক হৈ থাকে।