সাম্প্ৰদায়িকতাবাদ আহোম ঐতিহ্য-পৰম্পৰাৰ পৰিপন্থী: লুৰীণ জ্যোতি গগৈ

In ৰাজ্য
TheChocolateRoomTezpur

মাহমৰা : অসম জাতীয় পৰিষদ দলে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ নাহৰতলি ম’ডাম ফুকন ক্ষেত্ৰত কেন্দ্ৰীয় ভাৱে মে-ডাম-মে-ফি উদযাপন কৰে। দলৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা নিজখালৈঘোগুৰা আৰু ডবা আঞ্চলিক সমিতিৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানত দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বীৰেন বৰুৱাই। মৈদাম তৰ্পন কৰে দলৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে।

আহোম জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি উপৰিপুৰুষৰ স্মৃতিত মাংগলিক অনুষ্ঠান সম্পাদনৰ পিছত জনগোষ্ঠীয় নৃত্য আদি প্ৰদৰ্শন কৰা হয় আৰু তাৰ পিছত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে আহোম স্বৰ্গদেউ চুকাফাই বৰ অসমৰ ভেটি প্ৰতিষ্ঠাৰে অসমীয়া জাতিক এটা জাকত জিলিকা জাতি হিচাপে প্ৰতিষ্ঠাৰ কেনেদৰে গুৰি ধৰিছিল সেই কথা স্মৰণ কৰি কয় যে আহোম স্বৰ্গদেউসকলে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে আপোন কৰি লৈ এখন বহল সমাজ গঢ়ি গৈছিল যাৰ পৰম্পৰা আজিও অব্যাহত আছে। কিন্তু মোঘলে যি দিল্লীৰ পৰা বহু অসম দখল কৰিবলৈ কূট-কৌশল ৰচনা কৰিছিল, আজিও সেই দিল্লীৰ মচনদত বহি থকাসকলে অসমৰ মানুহক ধৰ্ম-বৰ্ণৰ ভিত্তিত ভাগ ভাগ কৰি অসমৰ ওপৰত মোঘলৰ আৰ্হিতে প্ৰভূত্ব খটুৱাই থাকিব বিচাৰিছে।

অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে মানুহক ধৰ্ম-বৰ্ণৰ ভিত্তিত ভাগ ভাগ কৰাৰ প্ৰয়াস আহোম স্বৰ্গদেউসকলৰ সপোন আৰু অসমীয়া জাতিৰ ঐতিহাসিক পৰম্পৰাৰ বিপৰীত। এনে প্ৰয়াসক বাধা দিব পাৰিলেহে আহোম ৰাজশাসনৰ ঐতিহ্যক শ্ৰদ্ধা সহকাৰে আগবঢ়াই নিব পৰা হ’ব। অসমত সাম্প্ৰদায়িক আৰু দিল্লীৰ কেন্দ্ৰীভূত নৃশাসন ব্যৱস্থাৰ অধীন কৰি পেলালে আহোম স্বৰ্গদেউসকলৰ আত্মাৰ প্ৰতি অন্যায় কৰা হ’ব বুলিও লুৰীণ জ্যোতি গগৈয়ে মত প্ৰকাশ কৰে।

You may also read!

সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন

গুৱাহাটী : সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি,

Read More...

১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

আজিজ আলী নলবাৰী : ১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং বেটেলিয়ানৰ চিআৰপিএফ বাহিনীৰ বানাক্ৰান্তৰ বাবে বিশাল

Read More...

নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ

নগাঁও : নগাঁৱত ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ। নগাঁও জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে

Read More...

Mobile Sliding Menu