কৰিমগঞ্জ : কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য। কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিলে ২,৩৬০ ওজনৰ গাঞ্জা। এখন ট্ৰাকত তালাচী চলাই কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি। জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৩০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে কৰিমগঞ্জ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশাৰ ভাগত কৰিমগঞ্জ আৰক্ষীয়ে এখন ট্ৰাকত তালাচী চলাই ২,৩৬০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ত্ৰিপুৰাৰ পৰা অসম অভিযমুখে আহি আছিল ট্ৰাকখন।

অসম-ত্ৰিপুৰাৰ সীমান্তৰ চুৰাইবাৰীত ত্ৰিপুৰাৰ পৰা আহি থকা টিআৰ-০১-এফ-১৮৪৭ নম্বৰৰ ট্ৰাক এখনত তালাচী চলাই আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে। আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন উত্তম দেৱনাথ আৰু হীৰু দে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে গাঞ্জাখিনি ত্ৰিপুৰাৰ ধালাই জিলাৰ পৰা গুৱাহাটী অভিমুখে আনি থকা হৈছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত উত্তম দেৱনাথ আৰু হীৰু দে’ক জেৰা চলাই আছে বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে শনিবাৰেও কৰিমগঞ্জ আৰক্ষীয়ে অঞ্চলটোৰ পৰা ২৫৬ কেজি গাঞ্জা জব্দ কৰিছিল।