Manik Saha : দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মাণিক সাহা

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

নিউজ ডেস্ক : দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মাণিক সাহা (Manik Saha)। ত্ৰিপুৰাৰ বিবেকানন্দ ময়দানত মাণিক সাহাৰ নেতৃত্বত মন্ত্ৰী পৰিষদে শপত গ্ৰহণৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰে। যোৱা তিনিটা দশকত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছে অবাওঁপন্থী চৰকাৰ

মাণিক সাহাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰতন লাল নাথ, প্ৰাণজিৎ সিংহ ৰায়, সন্তনা চাকমা, টিংকু ৰায়, বিকাশ দেবৰ্মা, সুধাংশু দাস আৰু সুক্লা চৰণ নোআটিয়াই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। যোৱা তিনিটা দশকৰ ভিতৰত এইবাৰ ত্ৰিপুৰাত পুনৰ ক্ষমতালৈ আহিছে অবাওঁপন্থী চৰকা।

বিজেপিৰ ত্ৰিপুৰা ইউনিটৰ মুখ্য মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে কয় যে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে ৰাইজৰ আকাংক্ষা পূৰণ কৰিব বুলি আমি আশাবাদী। উল্লেখ্য যে ত্ৰিপুৰাত বিজেপিয়ে লাভ কৰিছে ৩২ খনকৈ আসন। ১৯৮৮ চনত বাওঁপন্থীক পৰাস্ত কৰি কংগ্ৰেছ আৰু টিইউজেএছে ত্ৰিপুৰাত চৰকাৰ গঠন কৰিছিল যদিও ১৯৯৩ চনত এই মিত্ৰতা বাওঁপন্থীৰ হাতত পৰাস্ত হৈছিল।

৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত বিজেপিয়ে ৩২ খন আসন লাভ কৰাৰ বিপৰীতে ইয়াৰ মিত্ৰ ইণ্ডিজিনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (আই পি এফ টি)য়ে এখন আসন লাভ কৰিছে। চিপিএম আৰু কংগ্ৰেছ বৰ্জন বাওঁ মঞ্চৰ জ্যেষ্ঠ নেতা ৰাখাল মজুমদাৰে কয় যে বিৰোধী দল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া-মাৰ্ক্সিষ্ট (চিপিআই-এম) আৰু কংগ্ৰেছে বিজেপি আৰু আইপিএফটি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

নিৰ্বাচনৰ পিছত ৰাজ্যখনত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতিবাদত বিৰোধী দল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া-মাৰ্ক্সিষ্ট (চিপিআই-এম) আৰু কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে মঙলাবাৰে মেঘালয়ত এন পি পি মিত্ৰজোঁট চৰকাৰ গঠন হৈছিল। কনৰাড চাংমাই দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মেঘালয়ৰ নতুন চৰকাৰখনৰ শপত গ্ৰহণ অনুষ্ঠানটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত আছিল।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu