নালবাৰী : ৰাজ্যত পুনৰ উমি উমি জ্বলিবলৈ আৰম্ভ কৰিছে ‘কা’ বিৰোধী আন্দোলন। ‘কা’ৰ বিৰোধিতাৰে পুনৰ ৰাজপথ কঁপাই তুলিবলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠন। বিগত দুবছৰ ধৰি বিশ্বব্যাপী ক’ভিড মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা ‘কা বিৰোধী আন্দোলন পুনৰ আৰম্ভ হৈছে। কৃষক আন্দোলনৰ সফলতাই ‘কা’ বিৰোধী আন্দোলন পুনৰ আগবঢ়াই নিয়াৰ বাবে উৎসাহিত কৰিছে নেকি অসমৰ দল-সংগঠন সমূহক ?

দুবছৰ ধৰি সকলো প্ৰত্যাহ্বানৰ লগত যুঁজি অৱশেষত সফল হ’ল দেশৰ কৃষক সকল। তিনি কৃষি আইন বাতিলৰ দাবীত ৰদ, বৰষুণ, শীত সকলো নেওচি আন্দোলন অব্যাহত ৰাখি দেশৰ কৃষক সকলে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিলে কৃষি আইন তিনিখন বাতিল কৰিবলৈ। দেশৰ কৃষক সকলৰ একতা আৰু ধৈৰ্য্য সফল পৰিনামৰ পিছতে অসমৰ ‘কা’ বিৰোধী আন্দোলনৰ বিফলতাক লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন।

কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ ভিতৰতে প্ৰথমে বিৰোধিতা কৰিছিল অসমবাসীয়ে। সমগ্ৰ ৰাজ্য কঁপাই তোলা অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন বিয়পি পৰিছিল দেশজুৰি। পৰৱৰ্তী সময়ত অসমৰ ‘কা’ বিৰোধী আন্দোলন ৰাজপথৰ পৰা গৈ আৱদ্ধ হৈ পৰিছিল খেল পথাৰত। ইয়াৰ পিছতে ক’ভিড মহামাৰীয়ে সম্পূৰ্ণ স্তব্ধ কৰি পেলাইছিল এই আন্দোলন।

কভিডৰ বাবে বিগত দুবছৰ ধৰি স্তব্ধ হৈ থকা অসমৰ ‘কা’ বিৰোধী আন্দোলন পুনৰ আৰম্ভ হৈছে ৰাজপথত। বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ‘কা’ বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। ‘কা’ বাতিলৰ দাবীত নলবাৰীত উপায়ুক্ত কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী সমগ্ৰ ৰাজ্যখনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত ল ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মী উপস্থিত থাকে।