দক্ষিণ শালমাৰা : ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দিত খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলাই অৱসৰপ্ৰাপ্ত লাট মণ্ডল গ্ৰেপ্তাৰ।কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানৰ লগত ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত লাট মণ্ডলক।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুাৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে সোমবাৰে নিশা ধুবুৰী আৰক্ষীৰ সহযোগত ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰিকান্দি গাঁৱত এক অভিযান চলাই এগৰাকী অৱসৰপ্ৰাপ্ত লাট মণ্ডলক গ্ৰেপ্তাৰ কৰে। মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনত কাম কৰি অৱসৰ লোৱা লাট মণ্ডল নুৰুল হক সৰকাৰক খাৰুৱাবান্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া জানিবলৈ দিয়ে যে ধৃত নুৰুল হক সৰকাৰৰ নামত কেইবাটাও ভূমিৰ খেলিমেলিৰ গোচৰ পঞ্জীয়ন হৈ আছে। আনকি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানৰ লগতো ভূমি কেলেংকাৰীত জড়িত হৈ আছিল লাট মণ্ডল গৰাকী।

যোৱা ছেপ্টেম্বৰ মাহত ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলা কালত লাট মণ্ডল গৰাকী আত্মগোপন কৰি আছিল। ইফালে আত্মগোপন কৰা অৱস্থাতেই যোৱা ছেপ্টেম্বৰ মাহত তেওঁ লাট মণ্ডলৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পূৰ্বে তেওঁ কাৰ্যালয়ৰ পৰা নিখোজ হৈ থকাৰ জাননীও ৰাচহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা হৈছিল। ধৃত লাট মণ্ডল নুৰুল হক আত্মগোপন কৰি কেইবাটাও গোচৰৰ আগ্ৰীম জামিন লৈ সোমবাৰে আশাৰিকান্ধিৰ নিজা ঘৰত উপস্থিত হয়।

খাৰুৱাবান্ধা আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তীত নিশা তেওঁৰ ঘৰত অভিযান চলাই তেওঁ আটক কৰি হাটশিঙিমাৰীলৈ আনি গ্ৰেপ্তাৰ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানৰ সৈতে হাটশিঙিমাৰীকে ধৰি বিভিন্ন এলেকাত অবৈধভাৱে মাটি আৱণ্টন দিয়া গোচৰৰ ভিত্তিত তেওঁক খাৰুৱাবান্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰে।