গুৱাহাটী : মহানগৰীৰ মহাবিদ্যালয় সমূহত ক’ভিডৰ ভয়াবহ সংক্ৰমণ। গুৱাহাটী বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ পিছত এইবাৰ দিছপুৰ মহাবিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ। দিছপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যাপক আক্রান্ত হৈছে ক’ভিডত।

গুৱাহাটী মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অধ্যাপকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। দিছপুৰ মহাবিদ্যালয়ৰ ছায় গৰাকী শিক্ষাৰ্থীৰ লগতে এগৰাকী অধ্যাপকৰ শৰীৰত কভিড অৱস্থিতি ধৰা পৰিছে। মহাবিদ্যালয়খনত প্ৰী টেষ্ট পৰীক্ষা চলি আছে।

উল্লেখ্য যে যোৱা ১১ ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত ক’ভিড পৰীক্ষা কৰাত বিশ্ববিদ্যালয়খনৰ ২০ গৰাকী শিক্ষাৰ্থীৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু বি বৰুৱা মহাবিদ্যালয়তো ক’ভিডৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে।