গুৱাহাটী : ৩১ ডিচেম্বৰত পুৱাৰ পৰাই ৰাজ্যৰ ৰাজপথ সমূহত নামিব আৰক্ষী। ৩১ ডিচেম্বৰত এজনো ল’ৰাক পথ দুৰ্ঘটনাত মৃত্যুৰ মুখত পৰিবলৈ দিয়া নহ’ব। এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩১ ডিচেম্বৰত ৬০ কিলোমিটাৰৰ ওপৰত বাইক চলাব নোৱাৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পণ ৩১ ডিচেম্বৰত ৰাজ্যত এজনো ল’ৰাক পথ দুৰ্ঘটনাত নিহত হ’বলৈ দিয়া নহ’ব। ৩১ ডিচেম্বৰকলৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ ৩১ ডিচেম্বৰত ৬০ কিলোমিটাৰতকৈ অধিক গতিত বাইক চলাব নোৱাৰিব।

পথ দুৰ্ঘটনাত যতে কোনো যুৱকৰে মৃত্যু নহয় ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে বাইক চালক আৰু আৰোহী দুয়োজানেই হেলমেট পৰিধান কৰিবই লাগিব। ৩১ ডিচেম্বৰত অধিক কঠোৰ হ’ব আৰক্ষী ৰাজ্যৰ ৰাজপথ সমূহত পুৱাৰ পৰাই নামিব আৰক্ষী বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

বাইকৰ গতি নিৰীক্ষণ কৰিবলৈ ৩১ ডিচেম্বৰত পুৱাৰ পৰাই ৰাজ্যৰ ৰাজপথ সমূহত আৰক্ষী নামি পৰিব। উল্লেখ্য যি ১ ডিচেম্বৰৰ পৰা বাইক চালক আৰু আৰোহী দুয়োজানেই হেলমেট পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে। ৰাজ্যজুৰি আৰক্ষী আৰু পৰিবহন বিভাগে হেলমেট পৰিধান নকৰা বাইক চালক আৰু আৰোহীৰ বিৰুদ্ধে অভিযান চলায়।