গোঁসাইগাঁও : ৰাজপথৰ ওপৰত দাওদাওকৈ জ্বলিল এখন ট্ৰাক আৰু বাইক। ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ পিছতে এই ভয়ংকৰ অগ্নিকাণ্ড। বাইক চালকজন অগ্নিদগ্ধ হৈ মৃত্যু হোৱা সন্দেহ।

গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এখন ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষৰ পিছতে সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমে সংঘৰ্ষ আৰু তাৰ পিছতে দাওদাওকৈ জ্বলি উঠে ট্ৰাক আৰু বাইকখন।

এই ভয়ংকৰ পথ দুর্ঘটনাত বাইকখনৰ চালকজন অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৰাইজে। বংগৰ পৰা অসম অভিমুখে আহি থকা এখন ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা অহা এখন বাইকৰ মুখামুখি সংঘর্ষত এই ঘটনা সংঘটিত হয়।

বাইকখন নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনৰ তলত সোমাই পৰে আৰু লগে লগে সূত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ। ঘটনাৰ খবৰ পাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও ট্ৰাক আৰু বাইকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।