আমিনগাঁও : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কামৰূপ জিলাৰ ৯২২ টা আত্মসহায়ক গোটলৈ আনুষ্ঠানিকভাৱে ঋণৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। কামৰূপ জিলা গ্ৰামীণ জীৱিকা অভিযান পৰিচালনা গোট আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনত থকা আত্মসহায়ক গোটৰ মণ্ডল পৰ্যায়ৰ সংগঠন ‘আশাদ্বীপ’ৰ সহযোগত শুৱালকুছিৰ বস্ত্ৰ উদ্যান সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত মুঠ ২৩.৫৬ কোটি টকাৰ ঋণ মঞ্জুৰি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰে ৫২০ টা আত্মসহায়ক গোটৰ ৮.৪৮ কোটি টকা বেংকসমূহে ইতিমধ্যে মোকলাই দিছে।

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে কয় যে জিলাখনত আত্মসহায়ক গোটৰ সদস্যাসকলৰ আয় যথেষ্ট বাঢ়িছে। আত্মসহায়ক গোটৰ আয় বৃদ্ধি হোৱাৰ ক্ষেত্ৰত বেংকৰ ভূমিকা অপৰিসীম৷ বেংকৰ ঋণ অবিহনে এই গোটসমূহে ভবা ধৰণে আয় বঢ়াব নোৱাৰিলেহেতেন। কামৰূপ জিলাত থকা প্ৰায় ১৯ হাজাৰ গোটৰ ভিতৰত যোৱা বিত্তীয় বৰ্ষত ৫,৫০০ গোটে ঋণ পাবলৈ সক্ষম হোৱাৰ বিপৰীতে চলিত বৰ্ষত এতিয়ালৈ ৩,৫০০ তকৈও অধিক গোটে ইতিমধ্যে ঋণৰ সুবিধা লাভ কৰিছে। এইক্ষেত্ৰত বেংকসমূহৰ পদক্ষেপৰ তেওঁ শলাগ লয় আৰু ভৱিষ্যতেও বেংকসমূহৰ সহযোগত জীৱিকা অভিযান আৰু আত্মসহায়ক গোটৰ এই সমূহীয়া উত্তৰণৰ যাত্ৰা অব্যাহত থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

নতুনকৈ ঋণ পাবলৈ সক্ষম হোৱা আত্মসহায়ক গোটসমূহক অভিনন্দন জনাই কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে কয় আশাশুধীয়া প্ৰচেষ্টাৰ বলত আগন্তুক দিনত আত্মসহায়ক গোটৰ উত্তৰণৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে কামৰূপ জিলা শীৰ্ষস্থানত থাকিবলৈ সক্ষম হ’ব। আনহাতে যিসকল গোটৰ সদস্যাই এতিয়াও ক’ভিড প্ৰতিষেধক ছিটা ল’বলৈ বাকী আছে তেওঁলোকে পাঁচ ডিচেম্বৰৰ ভিতৰত প্ৰতিষেধক ছিটা গ্ৰহণ কৰাৰ লগতে ওচৰ-চুবুৰীয়াসকলৰ মাজত ছিটা নোলোৱাকৈ থকাসকলক তৎকালীনভাৱে এই প্ৰতিষেধক ছিটা ল’বৰ বাবে উৎসাহিত কৰিবলৈও তেওঁ আহ্বান জনায়।

অনুষ্ঠানত জিলাখনৰ প্ৰধান বেংক ব্যৱস্থাপক অজয় সহায়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক দীপাংকৰ বৰুৱা, কামৰূপ জিলা প্ৰকল্প প্ৰৱন্ধক লক্ষীনন্দন গোস্বামী, বিভিন্ন বেংকৰ ক্ষেত্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ বিষয়া, বেংকৰ শাখা প্ৰৱন্ধক আৰু আত্মসহায়ক গোটৰ সদস্যাসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ‘আশাদ্বীপ’ৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা ফুলাম গামোচা, বিভিন্ন উৎপাদিত সামগ্ৰীৰ টোপোলাৰে এই অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক আদৰণি সম্ভাষণ জনোৱাৰ উপৰি গোটসমূহে উৎপাদন কৰা কোমল চাউল, প্ৰস্তুত কৰা লাড়ু-পিঠা আদিৰে তেওঁলোকক আপ্যায়ন কৰা হয়। জিলা পৰ্যায়ৰ এই অনুষ্ঠানটি শুৱালকুছিত অনুষ্ঠিত কৰাৰ বাবে স্থানীয় ৰাইজে সন্তুষ্টি ব্যক্ত কৰে।