যোৰাবাট, সংবাদ ৩৬৫, ৮ আগষ্ট : বুধবাৰে দিনৰ ভাগত যোৰাবাটৰ টিট বিট হোটেলত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিব আহিছিল আৰক্ষীৰ এটা দল । উক্ত দলটোৰে এজন আৰক্ষী বিষয়াই নিজৰ মোবাইলটো চার্জত দিলে হোটেলখনত । পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত কৌশলেৰে নিজৰ মোবাইলৰ লগতে তাত থকা আন এটা মোবাইলো লৈ যায় আৰক্ষী বিষয়াজনে।

উল্লেখ্য যে আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল হোটেলখনত থকা চিচি টিভি কেমেৰাত। হোটেলখনৰে কৰ্মচাৰী মফিজ আলিয়ে জানিব দিয়া মতে আৰক্ষীৰ দল যোৱাৰ পিছৰে পৰা তেওঁৰ মোবাইল ফোন নোহোৱা হৈ আছিল হোটেলৰ পৰা। চাৰিওফালে বিচাৰ কৰাৰ পাছতো বিচাৰি নাপালে নিজৰ মোবাইল। পাছত যেতিয়া হোটেলখনত থকা চিচি টিভি কেমেৰা চোৱাত ওলাই পৰে সমগ্ৰ ঘটনা।

আৰক্ষী বিষয়াজনে চুৰ কৰি নিয়ে কৰ্মচাৰীজনৰ মোবাইল। ইতিমধ্যে এই সন্দৰ্ভত কৰ্মচাৰী মফিজ আলিয়ে যোৰাবাট আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে ।