গুৱাহাটী, সংবাদ ৩৬৫, ৮ আগষ্ট : তিনিদিনীয়া কার্যসূচীৰে উদযাপন কৰা হ’ব ৭৩ সংখ্যক স্বাধীনতা দিৱস । সেই উপলক্ষে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন সংবাদমেল অনুষ্ঠিত কৰে । সেই অনুসৰি ১৩ আগষ্টত সমগ্ৰ বিদ্যালয়-মহাবিদ্যালয়ত আয়োজন কৰা হ’ব স্বচ্ছ ভাৰত অভিযান ।

স্বচ্ছ ভাৰত অভিযানত থাকিব প্ৰতিমূৰ্তি সমূহ চাফা কৰা, পাৰ্কসমূহ চাফা কৰা, বৃক্ষৰোপন কৰাৰ লগতে দ্য মহাত্মা শীৰ্ষক ৰচনা প্ৰতিযোগিতা , বক্তৃতা প্ৰতিযোগিতা-মহত্মা গান্ধীৰ অসম সম্বন্ধ, স্কুলীয়া শিক্ষাৰ্থীৰ চিত্ৰাংকন প্ৰতিযোগিতা-দ্য মহাত্মাৰ উপৰিও দেশ ভক্তিৰ ওপৰত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।

ইফালে, ১৪ আগষ্টত অনুষ্ঠিত কৰা হ’ব কুইজ প্ৰতিযোগিতা লগতে প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত ড্ৰাগছ প্ৰতিৰোধ সজাগতামূলক দৌৰ, পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰেলীৰ আয়োজন কৰা হ’ব।

১৫ আগষ্টৰ দিনা কেন্দ্ৰীয়ভাৱে খানাপাৰাত আয়োজন কৰা হ’ব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসত প্ৰদান কৰা হ’ব বিভিন্ন বঁটা । দেশ ভক্তিমূলক ছবি বিনামূলীয়াকৈ ২বজাত দেখুওৱা হ’ব শিশুৰ বাবে।