যোৰাবাট, সংবাদ ৩৬৫, ৮ আগষ্ট : যোৰাবাটত জব্দ চুপাৰি ভৰ্তি এ এছ-১১ডি চি-২২২৩ নম্বৰৰ এখন ট্ৰাক। শিলচৰৰ কাটিগৰাৰ পৰা বিজিনী অভিমুখে আহি থকাত যোৰাবাট আৰক্ষী চকীত জব্দ হয় ট্ৰাক খন।

যোৰাবাট আৰক্ষীয়ে তালাচী চকীত ট্ৰাকচালক সহ জব্দ কৰে ট্ৰাক খন।জানিব পৰা মতে শফিক আহমেদ নামৰ চুপাৰি মাফিয়ায়ে সৰবৰাহ কৰি কৰি আছিল চুপাৰি খিনি।

প্ৰায় ১৮ লাখ ৯০ হাজাৰ টকা মূল্যৰ চুপাৰি কঢ়িয়াই বিজিনী অভিমুখী আহি আছিল ট্ৰাকখন। বৰ্তমান যোৰাবাট আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত।