গুৱাহাটী : অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ সৌজন্যত অসম সচিবালয়ৰ অন্তৰ্গত “গনসেৱা ভৱন” প্ৰাংগণত গ্ৰন্থ উন্মোচনী সভা। অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ সম্পাদক অঞ্জন বুজাৰবৰুৱাৰ নেতৃত্বত অসম সচিবালয়ৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত চন্দন কাকতিৰ সভাপতিত্বত এখনি “গ্ৰন্থ উন্মোচনী সভা” অনুষ্ঠিত কৰা হয়।

সভাত বিশিষ্ট অতিথি হিচাপে সাহিত্য একাডেমি বঁটা প্ৰাপ্ত জয়ন্ত মাধৱ বৰা, সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আইএএছ বিষয়া উমানন্দ দলে, গৃহ বিভাগৰ সচিব দেবানন্দ মিশ্ৰ, এচিএছ বিষয়া ধৰ্মানন্দ বৰুৱা, সন্দিতা বৰুৱা বৰা, অতিৰিক্ত সাধাৰণ প্ৰশাসন বিভাগ, উপেন চক্ৰৱৰ্তী, বিপাশা খেৰকটাৰি, বিশিষ্ট লেখিকা উপস্থিত থাকে। গ্ৰন্থ উন্মোচনী সভাত অসম সচিবালয়ৰ বিভিন্ন বিভাগ আৰু পদত কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।

শ্যাম মহন্তৰ গল্প সংকলন “হৃদয়ৰ এপিটেফ”, দিপালী চেতিয়াৰ ভ্ৰমণ কাহিনী “প্ৰকৃতিৰ মানস কন্যা অষ্ট্ৰেলিয়া” মাণিক শইকীয়াৰ কবিতা পুথি “অস্তাচলৰ ৰং” আৰু মাইকন দেৱীৰ উপন্যাস “চিক্ৰেট ডিটেকটিভ” চুটি গল্প সংকলন “চৰকাৰী চাকৰিয়াল” উন্মোচন কৰা হয়। চাকৰিৰ ব্যস্ততাৰ মাজতো সচিবালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজকে সাহিত্য চৰ্চাৰ লগত জড়িত কৰি ৰাখিছে।