বজালী : বজালীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। তিনি বছৰীয়া পুত্ৰসহ এগৰাকী মাতৃৰ আত্মহত্যা। ঘৰৰ ভিতৰত চিপ লৈ তিনি বছৰীয়া পুত্ৰসহ আত্মহত্যা কৰে এগৰাকী মহিলাই। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ত অব্যাহত।

মঙলবাৰে বজালীত এগৰাকী মাতৃয়ে তিনি বছৰীয়া পুত্ৰসহ আত্মহত্যা কৰাৰ ঘটনাই ঘটনাই জোকাৰি গৈছে অঞ্চলটো। বজালীৰ বাঘমৰাৰ শুকিলাৰপাৰ-কলবাৰীৰ মৃদুল বৈশ্য নামৰ এজন লোকৰ পত্নী শিখা বৈশ্যই তিনি বছৰীয়া পুত্ৰ সন্তানসহ চিপ লৈ আত্মহত্যা কৰে।

ঘৰৰ ভিতৰত শিখা বৈশ্য আৰু তিনি বছৰীয়া পুত্ৰ সন্তনাৰ মৃতদেহ চিপলৈ থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হৈ মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

এইয়া আত্মহত্যাৰ ঘটনা বুলি প্ৰথম অৱস্থাত সন্দেহ প্ৰকাশ কৰা হৈছে যদিও আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। পাৰিবাৰিক কাণ্ডল আৰু আৰ্থিক সমস্যাৰ বাবেই মহিলা গৰাকীয়ে পুত্ৰ সন্তানসহ চিপ লৈ আত্মহত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।