আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ অসম চৰকাৰে আইন প্ৰণয়ন কৰিছে যদিও ৰাজ্যত শিৱসাগৰত গৰু-ম’হৰ চোৰাং সৰবৰাহ। সোমবাৰে নিশা শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই দিচাংমুখৰ পৰা ৭ টাকৈ চোৰাং ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ঘটনাই পশুধনৰ চোৰাং বেহাৰ ছবিখন স্পষ্ট কৰি তুলিছে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ৭ টা ম’হ উদ্ধাৰ কৰাৰ লগতে এই বেহাত জড়িত থকাৰ অভিযোগত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক কেইজন ক্ৰমে মৰিগাঁৱৰ মহম্মদ আজাহুদ্দিন আহমেদ, মহম্মদ মহিদুল আলী, মহম্মদ হিপজুৰ ৰহমান, শিৱসাগৰৰ ডিমৌমুখৰৰ ছফিকুল আলী আৰু শিৱসাগৰৰ হনুমান মন্দিৰৰ সমীপৰ ৰাজেশ কুমাৰ মাহাতু।

ধৃত লোক কেইজনে দিচাংমুখত।এখন ট্ৰাকত ম’হ কেইটা তুলিবলৈ লওঁতে আৰক্ষী উপস্থিত হৈ ম’হ কেইটা উদ্ধাৰ কৰে। আৰক্ষীয়ে বিআৰ-০১-জিচি-৯০৭৯ নম্বৰৰ এখন ট্ৰাক আৰু এএছ-০২-পি-৮৪০৮ নম্বৰৰ এখন মাৰুটি বাহন জব্দ কৰে পশুধন সৰবৰাহকাৰী কেইজনে পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে খেদি খেদি শিৱসাগৰৰ ভটীয়াপাৰত পশুধন সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জব্দকৃত গাড়ী দুখন আৰু উদ্ধাৰ কৰা ম’হ কেইটা শিৱসাগৰ সদৰ থানালৈ আনে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে পশুধন সৰবৰাহকাৰী কেইজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। ইফালে পশুধনৰ এই চোৰাং বেহাৰ সৈতে দিচাংমুখৰে ডবা আলী নামৰ এজন লোক জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে।