নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ আগষ্ট : পুনৰ অভিলেখ গঢ়িলে অসমৰ চাহে। নিলাম বজাৰত এক কিলোগ্ৰাম চাহপাত ৭০,৫০১ টকাত বিক্ৰী কৰি অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাই।

গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত মাইজান বাগিচাৰ চাহৰ দাম উঠিল ৭০,৫০১ টকালৈ। মাইজান গ’ল্ডেন টিপছ টীৰ নিলাম দৰ উঠিল ৭০,৫০১ টকালৈ। ৰমেশ মুণ্ডা নামৰ ব্যৱসায়ীজনে ক্ৰয় কৰিলে এই চাহপাত। মাইজান বাগিচাৰ স্বত্বাধিকাৰ হৈছে বি আৰ ছেট্টী আৰু পৰিচালক সঞ্জয় জৈন।

মঙলবাৰে মনোহাৰী চাহ বাগিচাই ৫০ হাজাৰ টকাত ১ কিলোগ্ৰাম চাহ বিক্ৰী কৰি সৃষ্টি কৰিছিল অভিলেখ। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিছিল ১ কিলোগ্ৰাম চাহ। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পৰ্যন্ত। তাৰ পূৰ্বে ৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত।