পলাশবাৰী, সংবাদ ৩৬৫, ৩১ জুলাই : এয়া শাওনৰ মাহ,বোকাময় পথাৰত এতিয়া সোন গুটি সিঁচাৰ বতৰ । গাওঁৰ চহা কৃষকসকলৰ এয়া ভুই ৰুৱা বতৰ । ৰাজ্যৰ কৃষকসকল এতিয়া ব্যস্ত নিজৰ কৃষি কাৰ্যত । নকথাৰ বামুনপাৰাত পুৰুষ মহিলা সকলে দলে-বলে আহি ন-ভুই ৰুলে গাওঁৰ ৰাইজে । কিয়নো এয়া গাওঁৰ ৰাইজৰ ভুই ৰুৱা উৎসৱ । পৰম্পৰাগত ভাৱে ৰাইজে এনেদৰে পালন কৰিলে ভুই ৰোৱা উৎসৱ । কি বৃদ্ধ,কি ডেকা,কি গাভৰু সকলোৱে ওলাই আহি ফুৰ্তি ফাৰতা,গীত গাই পালন কৰিলে ভুই ৰোৱা উৎসৱ ।

কোনোৱে যদি পাৰিছে কোৰ কোনোৱে আকৌ শাৰি শাৰি ৰুই গৈছে ভুই আকৌ কোনোবাই তুলিছে কঠিয়া আনফালে কোনোবাই আকৌ লৈ আছে চাহ । মুঠৰ ওপৰত সকলোবোৰ ব্যস্ত । এফালে ৰ’দে খাও খাও কৰি ৰাখিছে সকলোকে কিন্তু এইসকলে প্ৰখৰ ৰ’দকো নেওচি কৰি গৈছে নিজৰ কৰ্ম এক কথাত এওলোকেই ৰ’দ-বৰষুণ গাত নপৰা মানুহ । গাওঁৰ ৰাইজে প্ৰায় ১০ বিঘাৰ অধিক মাটিত এনেদৰে দলে-বলে গৈ এনেদৰে পৰম্পৰাগতভাৱে পালন কৰে ভুই ৰোৱা উৎসৱ ।

এনেদৰেই ৰাজ্যৰ বান পানীৰ বিভীষিকাৰ কথা পাহৰি অৱশিষ্ট মাটি দৰাত এতিয়া এনেদৰে বছৰেকৰ বাবে ভূঁই ৰুই পথত সোন গুৰি সিঁচিছে ৰাইজে ।