হিৰো আইডব্লিউএলত যুঁজ দিও পৰাস্ত হ’ল গুৱাহাটী চিটী এফচি

In ক্ৰীড়াংগন
Umra Package

গুৱাহাটী : প্ৰথম মেচৰ শোচনীয় পৰাজয় পাহৰি দেওবাৰে হিৰো ইণ্ডিয়ান ৱমেন্‌ছ লীগৰ কোৱালিফায়াৰ্ছত মণিপুৰৰ ইয়ং ৱেলফেয়াৰ ক্লাবৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিও পৰাজয় বৰণ কৰিলে গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ মহিলা দলটোৱে। নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ দ্বিতীয়খন মেচত জিচিএফচিয়ে আৰম্ভণিৰে পৰা তীব্ৰ আক্ৰমণ চলায়।

অৱশ্যে প্ৰথম মিনিটতে চালাম ৰীণা ৰয় দেৱীয়ে ৰক্ষণ বিভাগৰ এটা ভুলৰ সুযোগ লৈ জিচিএফচিৰ বিৰুদ্ধে স্ক’ৰ কৰে। ইয়াৰ পিছতো জিচিএফচিয়ে তীব্ৰ আক্ৰমণ অব্যাহত ৰাখে আৰু কেইবাটাও গ’ল স্ক’ৰ কৰাৰ সুযোগ লাভ কৰে।দ্বিতীয়াৰ্ধতো দুয়োটা দলে আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখে। অৱশেষত ৬৩ মিনিটত পুনৰ জিচিএফচিৰ আন এক ৰক্ষণাত্মক ভুলৰ সুযোগ লৈ ইয়ং ৱেলফেয়াৰ ক্লাবৰ তইজাম থৈবিছানা চানুৱে দ্বিতীয়টো গ’ল দিয়ে।

জিচিএফচিয়ে গ’ল স্ক’ৰৰ প্ৰচেষ্টা অব্যাহত ৰাখে যদিও ব্যৰ্থ হয়। দেওবাৰে অনুষ্ঠিত আন এখন মেচত গুজৰাটৰ আৰা এফ চিয়ে নিজৰ জয়ৰ দৌৰ অব্যাহত ৰাখি হিমাচল প্ৰদেশৰ গ’লাজো এফচিক ১১-০ গ’লত হৰুৱায়। জিচিএফচিয়ে ৫ এপ্ৰিলত অন্তিমখন মেচত গ’লাজো এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

You may also read!

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

Mobile Sliding Menu