আজিজ আলী

মুকালমুৱা : মুকালমুৱাত চাঞ্চল্যকৰ ঘটনা। মুকালমুৱাত এজন যুৱকে ছুৰিৰে আক্ৰমণ কৰিলে আন এজন যুৱকক। আক্ৰমণৰ বলি হোৱা যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। আক্ৰমণকাৰী যুৱকৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।

নলবাৰী জিলাৰ মুকালমুৱাৰ লোহাৰকাঠাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো দিনাই মুকালমুৱাৰ লোহাৰকাঠাত এজন যুৱকে আন এজন যুৱকক ছুৰিৰে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে।

ইছমাইল হুছেইন নামৰ এজন যুৱকক আন এজন যুৱকে হঠাৎ ছুৰিৰে আক্ৰমণ কৰাত যুৱকজন গুৰুত্বৰভাৱে আহত হয়। যুৱকজনক বুকু, পিঠিকে ধৰি কেইবাটাও ঠাইত ছুৰিৰে আক্ৰমণ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ইছমাইল হুছেইন নামৰ যুৱকজন।

আক্ৰমণৰ বলি হোৱা যুৱকজনক সংকটজনক অৱস্থাত আদাবাৰীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে আক্ৰমণকাৰী যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।