জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথৰ কাঠনিবাৰীত জঘন্য ঘটনা। ৬০ বছৰীয়া লম্পট এজনে অপকৰ্মৰ চেষ্টা চলায় এগৰাকী ৭ বছৰীয়া কন্যা শিশুক। লম্পট মহিম শৰ্মাৰ মুখত চূণ সানি, চেণ্ডেলৰ মাল পিন্ধাই উত্তম-মাধ্যম সোধাই গতালে জিনজিয়া আৰক্ষীক। লম্পট মহিম শৰ্মাক ফাঁচী অথবা এনকাউন্টাৰ কৰাৰ দাবী স্থানীয় ৰাইজৰ।

বিশ্বনাথৰ কাঠনিবাৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। মহিম শৰ্মা নামৰ এজন ৬০ বছৰীয়া লম্পটে নিজ ঘৰৰ সমিপৰে এগৰাকী ৭ বছৰীয়া কন্যা শিশুক ফুচুলাই অপকৰ্ম কৰাৰ চেষ্টা চলায়। যোৱা শুকুৰবাৰে ৭ বছৰীয়া কণমানি কন্যা শিশু গৰাকী লম্পট মুহিম শৰ্মাৰ ঘৰৰ সমিপতে বন্ধুৰ সৈতে খেলি থকা অবস্থাত লম্পট মুহিম শৰ্মাই কণমানি গৰাকীক ফুচুলাই অপকৰ্ম সংঘটিত কৰাৰ চেষ্টা চলায়।

শনিবাৰেও লম্পটজনে কণমানি গৰাকীক ফুচুলাই নিয়াৰ চেষ্টা চলায় যদিও কণমানি গৰাকী লম্পটটোৰ কাষত নগৈ নিজ মাতৃক সমস্ত ঘটনাৰ সন্দৰ্ভত জানিবলৈ দিয়ে। ইয়াৰ পিছতে লম্পট মুহিম শৰ্মাৰ অপকৰ্ম কথা পোহৰলৈ আহে। কণমানি গৰাকীৰ পিতৃ-মাতৃয়ে গাওঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজক এই বিষয়ে অবগত কৰাত গাঁওবাসী গৰজি উঠে লম্পট মুহিম শৰ্মাৰ বিৰুদ্ধে।

লগে লগে গাঁওবাসীয়ে লম্পট মুহিম শৰ্মাৰ মুখত চূণ সানি ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গাঁওখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোয়ে টিং বজাই গাঁওখনত ঘূৰাই ফুৰে। পিছত জিনজিয়া আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ লম্পটজনক গ্ৰেপ্তাৰ কৰে। এইফালে ভুক্তভোগী পৰিয়ালে জিনজিয়া অৰক্ষী থানাত এই সন্দৰ্ভত লম্পট মুহিম শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।আনহাতে লম্পট মুহিম শৰ্মাই ইয়াৰ পূৰ্বেও গাঁৱত এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। সেইহে গাঁওবাসী আৰু ভুক্তভোগীৰ পিতৃ-মাতৃৰ দাবী যে লম্পট মুহিম শৰ্মাক আৰক্ষীয়ে ফাঁচী দিয়ক অথবা এনকাউন্টাৰ কৰক।