গুৱাহাটী, ২৫ মাৰ্চ, ২০২৪ : বসন্ত ঋতুৰ আগমনৰ লগে লগে প্রকৃতিয়ে নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। সমগ্ৰ দেশজুৰি ৰঙৰ উৎসৱ (Festival of Colours) ফাকুৱাকলৈ উখল মাখল পৰিৱেশ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ মালহেৰে পালন কৰাৰ লগতে মহানগৰী গুৱাহাটী ৰাইজৰ মাজত ফাকুৱাক লৈ দেখা যায় হৰ্ষ-উল্লাস।

সমগ্ৰ দেশৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হয় সোমবাৰৰ দিনটোত। ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে মহানগৰীৰ ৰাজপথ সমূহত দেখা যায় এক ৰঙীন আৰু আনন্দময় পৰিৱেশ। যুৱক-যুৱতী সকলৰ লগতে শিশুসকল ৰাজপথলৈ ওলাই আহি ইজনে সিজনক ফাকু লগাই ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে। মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত ফ্রেণ্ডছ ক্লাৱে আয়োজন কৰা হোলী মহোৎসৱত মহানগৰীবাসী মিলিত হয় গানৰ তালে তালে নাচি, বতাহত ফাকুৱা উৰুৱাই হোলীৰ আনন্দত মতলীয়া হৈ পৰে। মহানগৰীৰ লগতে সত্ৰনগৰী মাজুলীটো ফাকুৱাক লৈ উদুলি মুদুলী পৰিবেশ দেখিবলৈ পোৱা যায়।

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মাজুলীত তিনিদিনীয়া কৈ আৰম্ভ হৈছে ফাকুৱা উৎসৱ। মাজুলীৰ ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ আৰু দক্ষীনপাট সত্ৰৰ লগতে সম্পূৰ্ণ মাজুলী জিলাখন আকাশ বতাহ ফাকুৱা ৰঙেৰে ৰঙীন হৈ পৰে। মাজুলীৰ লগতে বৰপেটা সত্ৰত প্ৰতিবছৰৰ দৰে এইবাৰো ৰঙত উৎসৱ ফাকুৱা উদযাপন কৰা হয়। হোলী গীতেৰে মুখৰিত হৈ পৰা বৰপেটা চহৰখনৰ আকাশ বতাহ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰে। বৰপেটাৰ সমান্তৰালে নলবাৰী জিলাৰ মুকালমুৱাত দৌলৎসৱৰ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা যায়।

দৌলৎসৱৰ উপলক্ষে ৰাজ্যজুৰি ব্যাপক উৎসাহ উদ্দীপনা আৰু হোলীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে মুকালমুৱাৰ নিজগাঁৱৰ হোলী উদযাপন অনুষ্ঠানত উপস্থিত থাকে প্ৰাগজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মনোজ মহন্ত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মুকালমুৱা নাৰায়নপুৰত অৱস্থিত বুঢ়া সন্যাসি থানত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। দৌলৎসৱৰ উপলক্ষে সোমবাৰে পুৱাৰে পৰা দূৰ দূৰণি অঞ্চলৰ পৰা সমাগম ঘটে হাজাৰ হাজাৰ ভক্ত দৰ্শনাথী। নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে বাবে ভক্ত সকলে ধুপ, দ্বীপ লৈ ভগৱানৰ চৰণত সেৱা আগবঢ়ায়।

আনফালে আবিৰ ৰঙেৰে ৰঙীন হৈ পৰে যুৱক-যুৱতী, শিশু সকলৰ লগতে বৃদ্ধসকলো। দৌল উৎসৱৰ লগত সংগতি ৰাখি অসমীয়া সংস্কৃতিৰ লগত জড়িত ঢুলিয়া নাগাৰা নাম, দিহা নাম আদি অনুষ্ঠান কৰি সংস্কৃতি জিয়াই ৰখা বুলি সমিতিৰ ফালৰ পৰা জানিব দিয়ে। প্ৰতিবছৰে আনৰূপ ধৰণে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হয় বুলি সমিতিৰ কৰ্মকর্তা সকলে প্ৰকাশ কৰে। ৰঙৰ এই উৎসৱত অঞ্চলটোৰ লগতে দূৰ দূৰণিৰ পৰা অহা কেইবাশ লোকে ৰঙৰ এই উৎসৱত অংশগ্ৰহণ কৰি মতলীয়া হৈ পৰে।