শিমলুগুৰি, ২৯ অক্টোবৰঃ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ লগতে এজন শিক্ষকে একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে সংগ্ৰহালয়। পেলনীয়া সামগ্ৰী আৰু আপুৰুগীয়া প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি শিক্ষকজনে গঢ়ি তুলিছে হৈছে এই সংগ্ৰহালয়টো। শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ চৰকাৰী বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক যোগেন গগৈৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা সংগ্ৰহালয়তো ভৰি আছে অসমীয়াৰ চহা জীৱনৰ সৰ্ম্পকীয় সামগ্ৰীৰে। প্ৰাথমিক শিক্ষাৰ পাঠ্যপুথিত সন্নিবিষ্ট হৈ থকা তথা সমাজৰ পৰা লুপ্ত হৈ যাব ধৰা জাকৈ জুলুকিৰ পৰা আৰম্ভ কৰি ৰেডিঅ’টো লৈ সজোৱা হৈছে এই সংগ্ৰহালয়টো। শিক্ষক যোগেন গগৈয়ে সহকৰ্মীৰ সহযোগত গঢ়ি তোলা সংগ্ৰহালয়টোত আছে গ্ৰাম্য জীৱনৰ তৰাৰ পঘা, থুৰীয়া তামোলৰ লগতে জাপি নাঙল সঁজুলি, হাত লেম্পলৈকে৷ সংগ্ৰহালয়টোৰ লগতে বিদ্যালয়ৰ কাষত শাক পাচলিৰ এখন বাগিচা স্থাপন কৰি জলকীয়া, ভেদাইলতা, ভেন্দিকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি কৰি সকলোৰে আদৰ্শ হৈ পৰিছে শিক্ষক যোগেন গগৈয়ে। সংৰক্ষণৰ লগতে বৰ্তমান আধুনিকতাৰ জাকজমকতাৰ মাজত হেৰাই যাব ধৰা অসমীয়া গ্ৰাম্য জীৱনৰ আপুৰুগীয়া সম্পদ সমূহ সংৰক্ষণৰ লগতে ছাত্ৰ ছাত্ৰীক পৰিচয় কৰাই দিয়াই হৈছে যোগেন গগৈৰ মূল উদ্দেশ্য।