ৰূপহীহাট : বন কৰ্মীৰ ওপৰত চোৰাং মাছ মৰীয়াৰ দলবদ্ধ আক্ৰমণ। চোৰাং মাছ মৰীয়াৰ দলবদ্ধ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে এজন বন কর্মী। আহত বন কর্মীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্যত এজন বন কৰ্মীৰ ওপৰত দলবদ্ধ আক্ৰমণ চলায় চোৰাং মাছ মৰীয়াৰ এটা দলে। সুতিৰপাৰ বজাৰৰ পৰা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত বন কর্মীজনক চোৰাং মাছ মৰীয়াৰ পাঁচ জনীয়া এটা দলে আগুচি ধৰি আক্ৰমণ চলায়।

চোৰাং মাছ মৰীয়াৰ দলটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে মহম্মদ ইছলাম আলী নামৰ বন কর্মীজন। আহত বন কর্মী মহম্মদ ইছলাম আলীক দগাঁও ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। বন কর্মী মহম্মদ ইছলাম আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বন কর্মী মহম্মদ ইছলাম আলীয়ে লাওঁখোৱা অভয়াৰণ্যত চোৰাং মাছ মৰীয়া সকলক মাছ ধৰাত বাধা প্ৰদান কৰি আহিছিল। চোৰাং মাছ মৰীয়া সকলক মাছ ধৰাত বাধা দিয়াৰ বাবেই বন কর্মী মহম্মদ ইছলাম আলীৰ ওপৰৰ চোৰাং মাছ মৰীয়াৰ দলে আক্ৰমণ চলোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।