গুৱাহাটী : বৰ্ণিহাটত কামৰূপ মহানগৰ আৰু গুৱাহাটী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৰ্ণিহাটত কামৰূপ মহানগৰ আৰু গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে ৪ কোটি টকা মূল্যৰ হেৰ’ইন। এখন ট্ৰাকৰ পৰা ৪০ টা চাবোনৰ বাকচত জব্দ কৰে এই বৃহৎ পৰিমাণৰ হেৰ’ইন। এই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বৰোধী অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ ৰাজ্যৰ বাহিৰত চলিল অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। মেঘালয় আৰক্ষীৰ নাকৰ তলেৰে ড্ৰাগছ লৈ অসম অভিমুখে আহি থকা ট্ৰাকৰ পৰা অসম আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মেঘালয়ৰ বৰ্ণিহাটত অসম আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

শুকুৰবাৰে দিনৰ ভাগত এক গোপন খবৰৰ ভিত্তিত কামৰূপ মহানগৰ আৰু গুৱাহাটী আৰক্ষীয়ে বৰ্ণিহাটত ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰে। আৰক্ষীয়ে খবৰৰ লাভ কৰিছিল যে এমএন-০৭-চি-৪২৯২ নম্বৰৰ এখন ট্ৰাকত বৃহৎ পৰিমাণৰ ড্ৰাগছ গুৱাহাটী অভিমুখে আহি আছে। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্ণিহাটত ট্ৰাকখন আটক কৰি তালাচী চলায়।

আৰক্ষীয়ে ট্ৰাকখনত থকা ইথেমচা মুছলাম আৰু ৰমেশ কুমাৰ ছেত্ৰীক আটক কৰি জেৰা চলাই ট্ৰাকখনৰ কেবিনৰ গোপন চেম্বাৰৰ পৰা ৪০ টা চাবোনৰ বাকচত হেৰ’ইন জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য ৪ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ট্ৰাকযোগে হে’ৰইনখিনি গুৱাহাটীলৈ আনিবলৈ দিয়া এজন লোককো আৰক্ষীয়ে ভেটাপাৰাৰ পৰা আটক কৰে।

নংথনো নামৰ এজন লোকে ড্ৰাগছখিনি ট্ৰাকযোগে আনিবলৈ দিছিল। নংথনো নামৰ লোকজনক আটক কৰাৰ লগতে আৰক্ষীয়ে লোকজন অলট বাহনখনো জব্দ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। বৰ্ণিহাটৰ কামৰূপ আৰু গুৱাহাটী আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হোৱাটো অসম আৰক্ষীৰ বাবে এক বৃহৎ সাফল্য।