জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথৰ সমাজ সেৱকলৈ শ্ৰেষ্ঠ সমাজ সেৱাৰ বঁটা। জিলাখনৰ বিশিষ্ট সমাজ সেৱক অঞ্জন বৰাক শ্ৰেষ্ঠ সমাজ সেৱাৰ বঁটাৰে সন্মান প্ৰদান। অঞ্জন বৰালৈ এই সন্মান আগবঢ়োৱাৰ বাবে জিলাখনৰ সচেতন ৰাইজ উৎফুল্লিত হৈ উঠিছে। বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে অঞ্জন বৰালৈ।

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা সদৌ অসম সাংস্কৃতিক একতা সংস্থাৰ ১৪ সংখ্যক বাৰ্ষিক নেবকাছ জাতীয় পুৰস্কাৰ বিতৰণ অনুষ্ঠানত।বিশ্বনাথৰ বিশিষ্ট সমাজ সেৱক অঞ্জন বৰাক শ্ৰেষ্ঠ সমাজ সেৱাৰ নেবকাছ বঁটা প্ৰদান কৰা হয়। এক গাম্ভীৰ্য পূৰ্ণ সভাত অসম চৰকাৰৰ মন্ত্ৰী, শিল্পী আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় অঞ্জন বৰাক।বিশিষ্ট সমাজ সেৱক অঞ্জন বৰাক এই বঁটা প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে জিলাখনৰ বহু লোক।

ইয়াৰ পূৰ্বেও ২০২০ চনত সমাজ সেৱাৰ লগত জড়িত বিশ্বনাথৰ অঞ্জন বৰাই অসম গৌৰব সন্মান বঁটা লাভ কৰি বিশ্বনাথলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।উল্লেখ্য যে বিশ্বনাথ চাৰিআলিৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত অঞ্জন বৰাই দীৰ্ঘদিন ধৰি বিশ্বনাথৰ ৰাইজৰ হকে কাম কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কামৰ লগত জড়িত হৈ আছে। অঞ্জন বৰাক এই সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে জিলাখনৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে।