ছায়গাঁও : কামৰূপ জিলাৰ ছায়গাঁৱৰ দীঘলবিলত সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ড। মহিলাক ধৰ্ষণৰ সময়ত ৩ মহীয়া কেঁচুৱাৰ মৃত্যু। ১৩ দিন পিছত সোমবাৰে পোহৰলৈ আহে এই জঘন্য ধর্ষণকাণ্ডৰ ঘটনা। ইতিমধ্যে মাটি খান্দি উলিয়াই অনা হৈছে ধর্ষণকাণ্ডৰ সময়ত মৃত্যু হোৱা ৩ মহীয়া কেঁচুৱাৰ মৃতদেহ। ধর্ষণকাৰী ইতিমধ্যে পৰিছে আৰক্ষীৰ জালত।

কামৰূপ জিলাৰ ছয়গাঁৱৰ অসম-মেঘালয় সীমান্তৰ দীঘলবিলত সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ডৰ ঘটনা। অসম-মেঘালয় সীমান্তৰ দীঘলবিল বকো আৰক্ষীৰ অন্তৰ্গত যদিও এই ধর্ষণকাণ্ড পোহৰলৈ আনে ছায়গাঁও আৰক্ষীয়ে। জঘন্য ধৰ্ষণকাণ্ডটোৰ লগতে সংঘটিত হৈছে মৰ্মান্তিক তথা হৃদয় বিদাৰক ঘটনাও।

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে যোৱা ২৮ ছেপ্টেম্বৰত ছয়গাঁও সমষ্টিৰ তথা বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ দীঘলবিলত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণকাণ্ড৷ গাঁওখনৰ ভূপেন ৰাভা নামৰ এজন বিবাহিত যুৱকে গাঁওখনৰে এগৰাকী মহিলাক ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলা গৰাকীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে৷

মহিলা গৰাকীয়ে ঘৰত নিজৰ ৩ মহীয়া কেঁচুৱাক লৈ থকাৰ সময়তেই ভূপেন ৰাভা নামৰ বিবাহিত যুৱকজনে বলপূৰ্বকভাৱে মহিলা গৰাকীক ধৰ্ষণ কৰাৰ সময়তে ৩ মহীয়া কেঁচুৱাটো মহিলা গৰাকীৰ কোলাৰ পৰা মাটিত পৰি যায়। ফলত কেঁচুৱাটো গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ ইয়াৰ পিছতে ভূপেন ৰাভা নামৰ যুৱকজনে মহিলা গৰাকীক এই ঘটনা কাৰো আগত প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে।

আনহাতে আঘাতপ্ৰাপ্ত ৩ মহীয়া কেঁচুৱাটো এসপ্তাহ পিছত মৃত্যুৰ মুখত পৰে। মহিলা গৰাকীয়ে কেঁচুৱাটোৰ মৃতদেহ মাটিত পুতি থয়। ছয়গাঁও আৰক্ষীয়ে এক সমগ্ৰ ঘটনাৰ খবৰ এক গোপন সুত্ৰৰ পৰা লাভ কৰি তদন্ত আৰম্ভ কৰে। সোমবাৰে বিয়লি ছয়গাঁও ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱালৰ সহযোগত তথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ভূপেন ৰাভাক আটক কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে ৩ মহীয়া কেঁচুৱাটোৰ মৃতদেহ মাটি খান্দি উলিয়াই ছয়গাঁও আৰক্ষী থানালৈ লৈ আহে৷ ছয়গাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে ধৰ্ষণকাণ্ডৰ লগত জড়িত ভূপেন ৰাভা নামৰ যুৱকজনক জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতে ঘটনাটোৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।