ডবকা : ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গছ পেলাই ১৫ খনকৈ বাহন লুটিলে ডকাইতে। এই চঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হৈছে ডবকাত। মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এই ডকাইতিকাণ্ড। হাতত অস্ত্ৰলৈ ১৫ জনীয়া ডকাইতৰ এটা দলে সংঘটিত কৰে এই চঞ্চল্যকৰ ডকাইতিকাণ্ড।

পুৱতি নিশা প্ৰায় ৩ বজাত ডবকাৰ শালবাগানত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ডকাইতৰ দলে গছ পেলাই ডকাইতিকাণ্ড সংঘটিত কৰে। হাতত অস্ত্ৰলৈ ১৫ জনীয়া এটা ডকাইতৰ দলে লুটি নিয়ে ১৫ খনকৈ বাহন। ডকাইতৰ দলটোৱে বাহন কেইখনত থকা যাত্ৰীক আক্ৰমণ চলোৱাত এজন লোক গুৰুত্বৰভাৱে আহত হয়।

ডকাইতৰ দলটোৰ আক্ৰমণত কেইবাজনো লোক আহত হৈছে। আহত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডকাইতৰ দলটোৱে বাহন কেইখনৰ যাত্ৰী সকলৰ পৰা নগদ ধন, অলংকাৰ আৰু মোবাইল ফোন কাঢ়ি নিয়ে। ডকাইতিকাণ্ড সংঘটিত কৰি ডকাইতৰ দলটো হাবিৰ মাজেৰে পলায়ন কৰে।

ইফালে ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলায়। আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াও ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ডকাইতৰ দলটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। অৱশ্যে এজন লোকক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে।