মুকালমুৱা : সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা। নলবাৰী জিলাৰ মুকালমুৱাত সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা আৰু স্বচ্ছ অভিযান। সীমান্ত সুৰক্ষা বাহিনীৰ ৬৮ নং বেটেলিয়নৰ অধিনায়ক মধুকাৰ অমিতাভৰ নিৰ্দেশত নলবাৰীৰ মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন কৰিছে। ড্ৰাগছৰ কবলৰ পৰা সমাজকখনক ৰক্ষা কৰাৰ উদ্দেশ্যে নৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰিছে।

সীমান্ত সুৰক্ষা বাহিনীৰ মুকালমুৱাস্থিত অস্থায়ী চাউনীত অনুষ্ঠিত কৰা ড্ৰাগছ বিৰোধী সজাগতা সভাত ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ড্ৰাগছৰ পৰা সমাজখনক কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাত নৱ প্ৰজন্মই কেনেকৈ আগভাগ ল’ব পাৰি ইয়াকে লৈ সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া সকলে ভাষণ প্ৰদান কৰে।

ইয়াৰ লগতে মানৱ সৰবৰাহকাৰীয়ে যুৱতী-মহিলা সকলক কেনেকৈ তেওঁলোকৰ জালত পেলায় আৰু মানৱ সৰবৰাহকাৰীৰ জালত পৰাৰ পৰা যুৱতী-মহিলা সকলে কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি হৈ এই সম্পৰ্কেও সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া সকলে ভাষণ প্ৰদান কৰে। সজাগতা সভা পিছত সীমান্ত সুৰক্ষা বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক বকুল সোণোৱালৰ নেতৃত্বত এক স্বচ্ছ অভিযান শীৰ্ষক সমদল উলিয়াই ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বচ্ছ অভিযানৰ আয়োজন কৰা হয়।