যোৰহাট : অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত অন্য এজন অভিযুক্তক গ্ৰেপ্তাৰ। যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত অভিযুক্ত যুৱকজনক। বৰ্তমানলৈকে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত ১৪ জন অভিযুক্ত গ্ৰেপ্তাৰ।

যোৱা ২৯ নৱেম্বৰত যোৰহাট চহৰৰ ৰাজপথত এক গণ প্ৰহাৰৰ ঘটনাত প্ৰাণ হেৰুৱাইছিল অনিমেষ ভূঞা নামৰ এজন ছাত্ৰ নেতাই। এক সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকে নৃশংসভাৱে আক্ৰমণ চলাইছিল অনিমেষ ভূঞাৰ লগতে অনিমেষ ভূঞাৰ দুই বন্ধুক। এই ঘটনাত নিহত হৈছিল অনিমেষ ভূঞা নামৰ যুৱকজন।

ঘটনাৰ পিছতে আৰক্ষীয়ে তৎপৰতা দেখুৱাই এই গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত ১৩ জনকৈ আভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। ঘটনাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডা নামৰ যুৱকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ঘটনাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই দুৰ্ঘটনাত পতিত হৈ নিহত হৈছিল।

পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীয়ে অনিমেষ ভূঞাৰ গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত অন্যান্য লোক সকলক চিনাক্ত কৰাৰ বাবে যোৰহাটবাসী ৰাইজৰ সহায় বিচাৰিছিল। গণ প্ৰহাৰৰ ভিডিঅ’ স্পষ্টভাৱে দেখিবলৈ পোৱা এজন অভিযুক্তক ৰাইজে চিনাক্ত কৰি দিয়াৰ আৰক্ষীয়ে শুকুৰবাৰে নিশাৰ ভাগত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

যোৰহাটবাসী ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আভিযুক্ত যুৱকজনৰ নাম প্ৰিয়াংশু দাস। যুৱকজন যোৰহাটৰ বড়িগাঁৱৰ বাসিন্দা। উল্লেখ্য যে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত মুঠ ১৪ জন অভিযুক্ত বৰ্তমানলৈকে গ্ৰেপ্তাৰ হৈছে যদিও ঘটনাৰ মূল অভিযুক্ত নীৰজা দাস ওৰফে ক’লা গুণ্ডা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই পথ দুৰ্ঘটনাত নিহত হৈছে।