হাটশিঙিমাৰী : চোৰাং গৰু আৰু মাৰুতি ভেনসহ গ্ৰেপ্তাৰ এজন।হাটশিঙিমাৰীত আৰক্ষীৰ অভিযানত চোৰাং গৰু আৰু মাৰুতি ভেনসহ এজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়। মাৰুতি ভেনখনত দুটা গৰু লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰু সৰবৰাহকাৰীজনক।

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত সোণাপুৰ গাঁৱত আৰক্ষীয়ে এখন মাৰুতি ভেনৰ পৰা দুটা গৰু জব্দ কৰে।শুকুৰবাৰে নিশা আৰক্ষীয়ে নাকা তালাচীত এখন মাৰুতি ভেন, দুটা চোৰাং গৰুসহ এজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

নিশা প্ৰায় ১১ বজাত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তবৰ্তী এলেকাত নাকা তালাচী বহুৱাই তালাচী অভিযান চলায়। আৰক্ষীৰ তালাচী অভিযানৰ সময়ত এএছ-০১-বিপি-৭০৩৭ নম্বৰৰ এখন মাৰুতি ভেনৰ পৰা দুটা গৰু জব্দ হয়।

আৰক্ষীয়ে এজন গৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। গৰু সৰবৰাহকাৰীজনৰ নাম শ্বাহজাহান আলী বুলি জানিব পৰা গৈছে। শনিবাৰে আৰক্ষীয়ে গৰু সৰবৰাহকাৰীজনক হাটশিঙিমাৰী আদালতত হাজিৰ কৰে।

আদালতে গৰু সৰবৰাহকাৰী শ্বাহজাহান আলীক জেললৈ প্ৰেৰণ কৰিছে। গৰু সৰবৰাহকাৰীয়ে মাৰুতি ভেন ব্যৱহাৰ কৰি গৰু সৰবৰাহৰ নতুন কৌশল আৰম্ভ কৰিছে বুলি খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে জানিবলৈ দিয়ে।