জোনমণি বেগম

বিশ্বনাথ : চেনিটেৰী নেপকীন ব্যৱহাৰ সন্দৰ্ভত সজাগতা সভা। বিশ্বনাথত চেনিটেৰী নেপকীন ব্যৱহাৰ সন্দৰ্ভত অনুষ্ঠিত কৰা হয় সজাগতা সভা। ‘অলউৱেছ ফউণ্ডেশ্যন’ৰ উদ্যোগত বিশ্বনাথত চেনিটেৰী নেপকীন ব্যৱহাৰ সন্দৰ্ভত অনুষ্ঠিত কৰা হয় সজাগতা সভা।

মঙলবাৰে বিশ্বনাথৰ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘অলউৱেছ ফউণ্ডেশ্যন’ৰ উদ্যোগত চেনিটেৰী নেপকীন ব্যৱহাৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।এই সজাগতা সভাৰ জড়িয়তে বিদ্যালয়খনৰ ছাত্ৰী সকলক চেনিটেৰী নেপকীনৰ ব্যৱহাৰ আৰু ৰোগ নিৰাময়ৰ ওপৰত বিভিন্ন সজাগতা মূলক বক্তব্য প্ৰদান কৰা হয়।

চেনীটেৰী নেপকীন ব্যৱহাৰ কৰাৰ উপকাৰ আৰু ব্যৱহাৰ নকৰাৰ অপকাৰ সন্দৰ্ভত সজাগতা সভাৰ জড়িয়তে ছাত্ৰী সকলক সজাগ কৰি তোলাৰ প্ৰচেষ্টা কৰা হয়। চেনীটেৰী নেপকীন ব্যৱহাৰ নকৰিলে বিভিন্ন ধৰণৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে গতিকে ছত্ৰী সকলক চেনীটেৰী নেপকীন ব্যৱহাৰ কৰাৰ বাবে সভাখনৰ জড়িয়তে সজাগ কৰা হয়।

এই সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আৰু সভাপতিত্ব কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা মৰমী ভট্টাচাৰ্যই আৰু অতিথি হিচাপে উপস্থিত থাকে চাৰিআলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা জিলা পৰিষদৰ সদস্য সতেন্দ্ৰ হাজৰিকা।

এই সজাগতা সভাত চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থকাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰী সকল উপস্থিত থাকে। ‘অলউৱেছ ফউণ্ডেশ্যন’ৰ হৈ নয়ন শইকীয়া আৰু বাঘমীতা শইকীয়াই দীর্ঘদিন ধৰি ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ পূবত চেনিটেৰী নেপকীনৰ ব্যৱহাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি আহিছে।

‘অলউৱেছ ফউণ্ডেশ্যন’ৰ জড়িয়তে নয়ন শইকীয়া আৰু বাঘমীতা শইকীয়াই সজাগতাৰ লগতে ৰাজ্যৰ পিছপৰা অঞ্চল সমূহত মহিলাৰ গোট গঠন কৰি চেনীটেৰী নেপকীন প্ৰস্তুত কৰি মহিলা সকলক আৰ্থিকভাৱে সবল কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। মহিলা গোট সমূহে প্ৰস্তুত কৰা চেনীটেৰী নেপকীন পিছপৰা অঞ্চলৰ যুৱতী-মহিলা সকলক অতি ৰেহাই মূল্যত বিতৰণ কৰা হয়।