দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত যানবাহন আইন উলংঘা কৰি হেলমেট পৰিধান নকৰা মটৰ চাইকেলৰ চালক আৰু আৰোহীক সজাগ কৰাৰ উদ্দেশ্যে জিলা আৰক্ষীয়ে নাকা তালাচী বহুৱাই সজাগতা অভিযান চলায়। আগন্তক নতুন বছৰত যাতে কোনো দুর্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হাটশিঙিমাৰী জিলা প্ৰশাসনে বিশেষকৈ মটৰ চাইকেল চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰি এক নিৰ্দেশনা প্ৰদান কৰিছে।

উক্ত নিৰ্দেশনাৰ পিছতে জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়াৰ নেতৃত্বত হাটশিঙিমামাৰীত নাকা তালাচী বহুৱাই প্ৰথম দিনৰ বাবে হেলমেট পৰিধান নকৰা মটৰ চাইকেলৰ চালক আৰু আৰোহী সকলক জৰিমনা বিহাৰ পৰিবৰ্তে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়। যানবাহন আইন উলংঘা কৰা লোক সকলৰ বিৰুদ্ধে প্ৰথম দিনা আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰি সজাগতা সৃষ্টিৰ প্ৰয়াস চলাইছে জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।

আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত কয়, নতুন বছৰত যাতে দুর্ঘটনা সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসনে ৰাজ্য চৰকাৰৰ নিৰ্দেশত নতুন এছঅপি জাৰি কৰিছে। ইতিমধ্যে একাংশ সচেতন লোক সজাগ হৈ হেলমেট পৰিধান কৰিবলৈ আৰম্ভ কৰিছে যদিও আন একাংশই হেলমেট পৰিধান নকৰা পৰম্পৰা বজাই ৰখাত তেওঁলোকক সতৰ্ক কৰি হেলমেট পৰিধান কৰি মটৰ চাইকেলৰ চলাবলৈ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে আহ্বান জনাইছে।

উল্লেখ্য যে, আৰক্ষীয়ে নাকা তালাচী চলাই থকা সময়ত দুখনকৈ ৰঙা মাটি ভৰ্তি ট্ৰেক্টৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখেৰে হাটশিঙিমাৰী-মানকাচৰ গড়কপ্তানী পথৰ ওপৰেদি গৈ থকা অৱস্থাত জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ট্ৰেক্টৰ দুখন জব্দ কৰি থানালৈ আনে। ট্ৰেক্টৰ দুখন জব্দ কৰি হাটশিঙিমাৰী বন বিভাগৰ হাতত চমজাই দিয়া হ’ব বুলি জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।