জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰী দুজন। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহন এখনৰ লগতে নগদ ধন জব্দ কৰে।

অবৈধ সুৰা, গৰু আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ ধাৰাবাহিক অভিযান। বিগত ২৪ ঘণ্টাত বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিছে কেইবাটাও সাফল্য। অবৈধ সুৰা ভর্তি ট্ৰাক, দুখনকৈ চোৰাং গৰু ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।

বিশ্বনাথ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা বিশ্বনাথ জিলা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ, ১৬ টা কন্টেইনাৰ, নগদ ধনৰ লগতে এখন আই২০ গাড়ী।

বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰা আৰু বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে এক গোপন খবৰৰ ভিত্তিত এই ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। নিলা ৰঙৰ এ এছ-০৭-এম-৮৯২২ নম্বৰৰ আই২০ গাড়ীখনত বিশ্বনাথত কোনো লোকক ড্ৰাগছ সৰবৰাহকাৰী দুজন বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি দিবলৈ আহিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ এজন দলগাঁৱৰ ফকিৰ আলী আৰু আনজন বেচিমাৰিৰ ইনামূল হক। বিশ্বনাথ আৰক্ষীয়ে দুয়োজনক ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে সোধা-পোছা আব্যাহত ৰাখিছে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ জেৰাৰ পিছত বিশ্বনাথত কোন কোন লোক ড্ৰাগছৰ অবৈধ ব্যবসায়ীৰ লগত জড়িত পোহৰলৈ অহাৰ সম্ভাৱনা আছে