জোনমণি বেগম
বিশ্বনাথ : ধাৰাবাহিকভাৱে চলাই আছিল চাফাই অভিযান, পিছে বৃহস্পতিবাৰে সন্ধিয়া দিন বেয়া আছিল। ধাৰাবাহিকভাৱে চাফাই অভিযান চলাই থকা চোৰজন বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অৱশেষত জালত পৰিল।

বিশ্বনাথত চোৰৰ চাফাই অভিযান। চি চি টিভি কেমেৰাত আবদ্ধ হ’ল চোৰৰ চাফাই অভিযান। বিশ্বনাথৰ এমাজন ভেণ্ডৰত নিতৌ চুৰিকাৰ্য সংঘটিত কৰিছিল এজন চোৰে। দীৰ্ঘদিন ধৰি বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত এটাচ্ ডেলিভাৰী টেকন’লজিষ্ট প্ৰাঃ লিঃৰ এমাজন ভেণ্ডৰত চোৰজনে চলাই আছিল চাফাই অভিযান।

প্ৰতিদিনেই হেৰাইছিল বিভিন্ন সা-সামগ্ৰী৷ ভূচিত্ৰ দাধৰা নামৰ এমাজন এটাচ্ ডেলিভাৰী লজিষ্টিকত কৰ্মৰত এজন যুৱকৰ হেৰাইছিল বহুকেইটা বেগৰ লগতে বহু সামগ্ৰী। কিন্তু বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত এজন যুৱক এমাজন কাৰ্যালয়ৰ সন্মুখত চুচুক-চামাক কৰি থকাত সন্দেহ হয় এমাজন কৰ্তৃপক্ষৰ।

এমাজন কৰ্তৃপক্ষই লগে লগে চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাত যুৱকজনে চুৰিকাণ্ড সংঘটিত কৰা প্ৰমাণিত হয়। ইয়াৰ পিছতে চোৰজনক আটক কৰি বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী চকীত চমজাই দিয়ে এমাজন ভেণ্ডৰ কৰ্তৃপক্ষই৷ বৰ্তমান ৰঙা ঘৰৰ আলহী চুৰিকাণ্ড সংঘটিত কৰা যুৱকজন।