কোকিলা, ১৬ মেঃ বছৰ বছৰ ধৰি আই নদীৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা মানিকপুৰৰ, টেনটনপুৰ, কাহীবাৰী, হালধীবাৰী, তিলপুখুৰী, চিল্লাপাৰা আদি গাঁৱৰ ত্ৰানকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হল ধুবুৰী জিলাৰ বিলাসীপাৰাৰ আব্দুল গফুৰ নামৰ ভণ্ড বাবাৰ। হোমগাৰ্ডত কাম কৰা এই ভণ্ড বাবাই বন্ধ কৰিব আই নদীৰ গৰাখহনীয়া। যুগ যুগ ধৰি আই নদীৰ তীব্ৰ গৰাখহনীয়াই হাজাৰ হাজাৰ পৰিয়ালৰ মাটি ভেটি উছন হ’ল। সৰ্বস্বান্ত হ’ল হাজাৰ হাজাৰ পৰিয়াল। চৰকাৰ গ’ল, চৰকাৰ আহিল, কিন্তু কোনো চৰকাৰে আই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে। জনপ্ৰতিনিধিয়েও কোনো গুৰুত্ব প্ৰদান নকৰিলে। সেয়ে বাৰিষাৰ আগমনে আই নদীৰ পাৰত থকা কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে। চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে ৰাইজে। এনে সময়তে গাঁওবাসীৰ ত্ৰানকৰ্তাৰ ৰূপত আহিছে এইজন ভণ্ড বাবা। বাবাই বন্ধ কৰিব আই নদীৰ গৰাখহনীয়া। ৫ জনীকৈ সতী নাৰীক লগত লৈ নদীৰ পানীত নামিছে বাবা। প্ৰকৃততে সতী নাৰীৰ নামত লগত আনিছে পাঁচজনী কিশোৰী। বাবাৰ গানৰ তালে তালে গান গাইছে সতী নাৰী। শ শ গাঁওবাসী ৰাইজেও সহায় কৰিছে বাবাক। মন্ত্ৰ পাঠ কৰি গান গাই নদীৰ পাৰ ভঙা বন্ধ কৰিছে বাবাই। আধুনিক বিজ্ঞানৰ দিনত উন্নত কাৰিকৰীৰে নদী ভেটাৰ বিপৰীতে বাবাৰ মন্ত্ৰৰে নদী ভেটিবলৈ চেষ্টা কৰাটো কিমান যুক্তি সংগত সেয়া সময়ত স্পষ্ট হ’ব।