সংবাদ ৩৬৫ ডেস্ক, ১৬ মেঃ,অসম পুলিচৰ দুগৰাকীকৈ আৰক্ষীয়ে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীত দশম আৰক্ষী বাহিনীৰ এগৰাকী মহিলা আৰক্ষী জোৱানে চিপ লৈ আত্মহত্যা কৰাক লৈ  চাঞ্চল্যই বিৰাজ কৰিছে৷ শুৱালকুচিৰ মঞ্জু কলিতা নামৰ মহিলা আৰক্ষী গৰাকীৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ লগতে তিনিচুকীয়াত কৰ্ণ লংপতিয়া নামৰ আৰক্ষী বিষয়াজনে নিজৰ চাৰ্ভিছ ৰিভলভাৰে নিজকে গুলিয়াই আত্মহত্যা কৰে৷ তিনিচুকীয়াৰ সদৰ থানাত এছএই হিচাপে কৰ্মৰত থকা বিষয়া জনে থানা পৰিসৰতে আত্মহত্যাৰ পথ বাছি লয়৷ দুয়োটা আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷ ইফালে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাফলংত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে গাত জুই লগাই আত্মহত্যাৰ চেষ্টা কৰে৷ ছাত্ৰী গৰাকীৰ শৰীৰৰ ৭০ শতাংশ জুইত জ্বলি গৈছে আৰু বৰ্তমান ছাত্ৰীগৰাকী হাফলং চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে৷