নতুন দিল্লী, ১৬ মেঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু পুত্ৰ কাৰ্তি চিদাম্বৰম বাসগৃহত চিবিআইয়ে তালাচী চলায়৷  চিবিআইয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ চেন্নাইস্থিত বাসগৃহ, কাৰ্যালয় আৰু পুত্ৰ কাৰ্তিৰ কৰাইকুডীৰ বাসগৃহৰ লগতে গুৰুগ্ৰামৰ চেস মেনেজমেন্ট চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ কোম্পানীৰ কাৰ্যালয়কে ধৰি সৰ্বমুঠ আঠ স্থানত তালাচী চলায়৷ আইএনএক্স চেনেলৰ প্ৰধান পীটাৰ মুখাৰ্জীৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান এজেন্সি চিবিআইয়ে এই তালাচী চলোৱাৰ কথা জানিব পৰা গৈছে৷ পীটাৰ মুখাৰ্জী হাই প্ৰফাইল শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত সকলৰ অন্যতম৷ আইএনএক্স চেনেলৰ সন্দৰ্ভত  চিবিআইয়ে সোমবাৰে এখন এফআইআৰ দাখিল কৰিছিল৷ এই এফআইআৰত ইন্দ্ৰানী মুখাৰ্জী, পিটাৰ মুখাৰ্জী আৰু কাৰ্তি মুখাৰ্জীৰ নামো আছিল৷ উল্লেখ্য যে, আইএনএক্স চেনেলৰ পুঁজি এফ আই পি বিৰ জৰিয়তে আৱন্টন দিয়া হৈছিল৷ সেই সময়ত পি চিদাম্বৰম বিভাগটোৰ মন্ত্ৰী আছিল৷ ২০০৮ চনত পীটাৰ মুখাৰ্জীৰ কোম্পানীয়ে কাৰ্তি চিদাম্বৰমক ৩৫ লাখ টকা দিয়াৰ লগতে কাৰ্তিৰ এডৱাটেজ ষ্টেটিজিক কঞ্চালন্টেঞ্চি আৰু ইয়াৰ লগত জড়িত কোম্পানীৰ শ্বেয়াৰ এলাৰ্ট কৰিছিল৷ সেই সময়তে এই কোম্পানীটোৱে এফ আই পি বিৰ পৰা ২২০ মিলিয়ন ডলাৰৰ আবেদন কৰিছিল৷ পীটাৰ মুখাৰ্জী আইএনএক্স চেনেলে কেইবাটাও কিস্তিত নগদ এই টকা দিছিল৷ একে সময়তে লণ্ডনৰ আটেবিয়া ডিজিটেল য়ুকে লিমিটেড নামৰ কোম্পানীয়ে কাৰ্তি চিদাম্বৰমক ৬০ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ কৰিছিল৷ ইয়াৰ পূৰ্বে চিবিআইয়ে কাৰ্তি চিদাম্বৰম কোম্পানীৰ হাৰ্ড ডিস্ক জব্দ কৰিছিল৷ এই হাৰ্ড ডিস্কত কাৰ্তি কোম্পানীয়ে আইএনএক্স চেনেলৰ পৰা টকা লোৱাৰ তথ্য আছে৷ সেই সময়ত কেন্দ্ৰত ইউপিএ চৰকাৰ থকাত তদন্ত বন্ধ কৰি দিয়া হৈছিল৷ সূত্ৰ অনুসৰি চিবিআইয়ে পি চিদাম্বৰমৰ দিল্লী বাসগৃহতো তালাচী চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷