আব্দুল হকন

গৰবেৰা :

এখন কৃষি বিভাগৰ কাৰ্যালয়। কৃষি বিভাগৰ কাৰ্যালয়খনত নিয়োজিত হৈ আছে কেইবাজনো বিষয়া-কৰ্মচাৰী। কৃষকৰ মূৰত কঠাল ভাঙি ঘৰতে বহি দৰমহা খাইছে কৃষি বিভাগৰ কাৰ্যালয়খনত নিয়োজিত হৈ থকা বিষয়া-কৰ্মচাৰীয়ে।

কৃষি বিভাগৰ এই কাৰ্যালয়খন আছে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিত। সমষ্টিটোৰ অন্তৰ্গত চৰাঞ্চলৰ কৃষক ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কোটি কোটি টকা ব্যয় কৰি স্থাপন কৰা আলোপতি মাজৰচৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়। বিগত প্ৰায় ত্ৰিছ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এইখন কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়।

কাৰ্যালয়খন নিৰ্মাণ কৰাৰ পিছতে কাৰ্যালয়খনত বিষয়া-কৰ্মচাৰী নিয়োজিত কৰা হয় যদিও এই সকল বিষয়া-কৰ্মচাৰী আছে কেৱল মাত্ৰ নামতহে। কাৰ্যালয়খনৰ জৰিয়তে চৰাঞ্চলৰ কৃষক ৰাইজ কোনো ধৰণৰ উপকৃত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। কাৰ্যালয়খনৰ বিষয়া-কৰ্মচাৰীৰ লগত সু-সম্পৰ্ক থকা দুই-চাৰিজন কৃষক ৰূপী দালালহে উপকৃত হৈছে বুলি অভিযোগ উঠিছে।

কাৰ্যালয়খনৰ বিষয়া-কৰ্মচাৰী সকলে কাৰ্যালয়খনত নহাকৈ চৰকাৰী দৰমহা খাই আছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে। চৰকাৰে কৃষক সকলৰ বাবে এই কাৰ্যালয়ৰ জৰিয়তে কি কি সামগ্ৰী আৱন্টন দিয়ে তাকো নাজানে দৰিদ্ৰ কৃষক ৰাইজে। বৰপেটাৰ পৰাই নিয়ন্ত্ৰণ হয় এইখন কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়। কাৰ ছত্ৰছায়াত ঘৰতে বহি চৰকাৰী দৰমহা ভোগ কৰিছে এইখন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলে ?

সুদীৰ্ঘ ৩০ বছৰে কাগজে কলমে বৰপেটাৰ পৰাই নিয়ন্ত্ৰণ কৰা এইখন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে নিজৰ দায়িত্ব সূচাৰূপে পালন নকৰাৰ পিছতো জিলা প্ৰশাসনৰ লগতে কৃষি বিভাগৰ উৰ্দ্ধতম কতৃপক্ষই লোৱা নাই কোনো বিহীত ব্যৱস্থা। চৰাঞ্চলৰ দৰিদ্ৰ কৃষক ৰাইজৰ বাবে এই কাৰ্যালয়খন কাৰ্যক্ষম কৰাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাক ৰাইজে অনুৰোধ জনাইছে।

কৃষিমন্ত্ৰী অতুল বৰাৰ চৰম দায়িত্বহীনতাৰ বাবেই চৰাঞ্চলৰ কৃষক ৰাইজ এইখন কাৰ্যালয়ৰ পৰা কোনো ধৰণৰ সা-সুবিধা লাভ কৰা নাই বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। একমাত্ৰ কৃষিমন্ত্রীৰ এটা নিৰ্দেশতেই চৰাঞ্চলৰ কৃষক ৰাইজ উপকাৰ হ’ব পাৰিব বুলি আশাৰে বাট চাই আছে হাজাৰ হাজাৰ দৰিদ্ৰ কৃষক। এতিয়া কৃষিমন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।